টাইগাৰ উডছৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, ভৰিত আঘাত

প্ৰশ্নৰ মুখত গল্ফাৰৰ কেৰিয়াৰ

বৃহৎ গাড়ী দুৰ্ঘটনাৰ সন্মুখীন হয় টাইগাৰ উডছ । কিংবদন্তি গল্ফাৰজনক কোনো মতে বাহনৰ পৰা ওলিয়াই চিকিৎসালয়লৈ লৈ যোৱা হয় । দুৰ্ঘটনাত টাইগাৰৰ দুখন ভৰি ক্ষতিগ্ৰস্ত হয় । ভাৰতীয় সময় মংগলবাৰ নিশা দুটা বজাৰ খবৰ অনুযায়ী উডছৰ অস্ত্ৰপচাৰ আৰম্ভ হৈছে । ভৰিৰ আঘাত ইমানেই গুৰুত্বৰ মে তেওঁৰ কেৰিয়াৰৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে ।

লছ এঞ্জেলছ কাউণ্টি ছেৰিফে জনায় যে, স্থানীয় সময় মংগলবাৰ পুৱা সাত বাজি ১২ মিনিটত‌ দুৰ্ঘটনা সংঘটিত হয় । ৰ’লিং হিলছ এষ্টেট সীমান্তত উডছৰ বাহন দুৰ্ঘটনাৰ কবলত পৰে । ব্লেকহৰ্ছ ৰ’ডৰ হাউথৰ্ন বুলেভাৰ্ড হৈ উত্তৰৰ দিশে গৈ আছিল উডছৰ বাহন । তেতিয়াই বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই । উডছে নিজেই বাহনখন চলাই আছিল ।‌ উডছৰ এজেণ্ট মাৰ্ক ষ্টেনবাৰ্গে এই তথ্য জানিবলৈ দিয়ে ।

লছ এঞ্জেলছ ফায়াৰফাইটাৰ্ছ আৰু পেৰামেডিক্সে জানিবলৈ দিয়ে যে, তেওঁলোকে ‘জছ অৱ লাইফ’ পদ্ধতিৰে বাহনৰ ভিতৰৰ পৰা উডছক উদ্ধাৰ কৰে ।লছ এঞ্জেলছ কাউণ্টিৰ কৰ্তা ডেৰিল অছবিয়ে কয় যে, ‘মোৰ ধাৰণা উডছে ভৰিত গুৰুত্বৰ আঘাটপ্ৰাপ্ত হৈছে ।’আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে টুইটত লিখে, ‘তুমি সঁচাকৈয়ে চেম্পিয়ন । শীঘ্ৰে সুস্থ হোৱা।’

আমেৰিকাৰ আন এক প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই টুইট কৰে, ‘টাইগাৰ জানো তুমি শীঘ্ৰে সুস্থ হ’বা । তুমাৰ পৰিয়ালবৰ্গৰ স’তে আছো ।’কিংবদন্তি বক্সাৰ মাইক টাইছনে টুইট কৰে, ‘টাইগাৰ তুমি কেৱল নামেৰে নহয় । তুমি খেলৰ জগততো আক্ষৰিক অৰ্থত টাইগাৰ । শীঘ্ৰে সুস্থ হোৱা ।’

 

Exit mobile version