বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰয়াত শ্ৰী দেৱীৰ আজি তৃতীয় মৃত্যু বাৰ্ষিকী

1 16a0848feb8.2180550 2548923678 16a0848feb8 medium

আজিৰ দিনতে আকস্মিক মৃত্যু হৈছিল মোহময়ী অভিনেত্ৰীগৰাকী। মৃত্যু বাৰ্ষিকীত মাতৃৰ কথা মনত পেলাই স্মৃতিমেদুৰ জাহ্নৱী । ২০১৮ বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত ডুবাইৰ হোটেলত শ্ৰীদেৱীৰ মৃত্যু হৈছিল আৰু এই আকস্মিক মৃত্যু এতিয়াও তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ বাবে স্বাভাৱিক নহয়।

বুধবাৰে শ্রীদেৱীৰ নিজৰ হাতে লিখা এক অদৃশ্য চিঠি শ্বেয়াৰ কৰি মাকক স্মৰণ কৰিলে জাহ্নৱী কাপুৰে । প’ষ্টটো অভিনেত্ৰী জাহ্নৱীয়ে লিখিছে – ‘মিছ ইউ মা’।আনহাতে, জাহ্নৱীৰ এই চমু চিঠিখনত শ্ৰীদেৱীয়ে লিখিছিল, ‘আই লাভ ইউ লাব্বু তুমি এই পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সন্তান’।জাহ্নৱী কাপুৰ, তেওঁৰ ভগ্নী খুছী আৰু পিতৃ বনি কাপুৰে শ্ৰীদেৱীৰ স্মৃতিত মঙলবাৰে চেন্নাইৰ ঘৰত পূজা কৰে।

আজিও প্ৰয়াত অভিনেত্ৰী স্মৰনত একাধিক ৰীতি নীতিৰে অনুষ্ঠান পালন কৰিব জাহ্নৱী আৰু ভগ্নী খুছীয়ে।জাহ্নৱী আৰু খুছী সোমবাৰে চেন্নাইত উপস্থিত হয়। পৰিয়ালটোৱে প্ৰতি বছৰে শ্ৰীদেৱীৰ চেন্নাইৰ ঘৰত তেওঁৰ মৃত্যু বাৰ্ষিকী ৰীতি-নীতি পালন কৰে। খুছী কাপুৰেও আজি তেওঁৰ মাতৃক স্মৰণ কৰি তেওঁৰ ইনষ্টাগ্ৰাম একাউন্টত মাক আৰু পিতৃৰ এখনি ফটো শ্বেয়াৰ কৰিছে । জাহ্নৱীৰ সৰু ভগ্নী খুছীয়ে এই ছবিখনত কোনো কেপশ্বন দিয়া নাই।

Exit mobile version