৯০ দিন অতিক্ৰম হোৱাৰ পাছতো আন্দোলনৰত কৃষকসকল

2021 2largeimg 433774652

কেন্দ্ৰৰ তিনি কৃষি আইন প্ৰত্যাহাৰৰ দাবীত দিল্লী সীমান্তত আৰু পঞ্জাৱ, দিল্লী, হাৰিয়ানা আদি ৰাজ্যত আন্দোলন হৈ থকা আজি ৯৩ দিন হ’ল । আন্দোলনৰ তিনি মাহ পূৰ্তিক ‘যুৱা কিষান দিৱস’ হিচাপে পালন কৰিলে সংযুক্ত কিষান মৰ্চাই । কৃষক সম্প্ৰদায়ৰ যুৱ শক্তিয়ে আজিৰ ধৰ্না প্ৰতিবাদৰ নেতৃত্ব দিয়ে ।

আজি দক্ষিণৰ চাৰিখন ৰাজ্যৰ কৃষকসকলৰ এটা বিশাল দল দিল্লীৰ সীমান্তত, ছিংঘুত উপস্থিত হয় । তেওঁলোকৰ অনুসৰি, মোদী চৰকাৰৰ তিনি কৃষি আইন দেশৰ কৃষকসকলৰ মৃত্যুৰ তাণ্ডৱৰ দৰে ।

সেয়ে তিনি কৃষি আইন প্ৰত্যাহাৰৰ দাবীত আন্দোলনৰত কৃষকসকলৰ মৃত্যুৰ সংখ্যাও ক্ৰমশঃ বৃদ্ধি পাইছে । আজি দিনৰ আৰম্ভণিতেই ছিংঘু সীমান্তত নৱজোৎ সিং নামে ১৮ বছৰীয়া এজন যুৱকৰ মৃত্যু হয় । বিভিন্ন ধৰ্না মঞ্চত আবেগিক বক্তৃতা প্ৰদান কৰে কৃষক নেতাসকলে । ইয়াৰ সাৰমৰ্ম ছহিদসকলৰ ৰক্ত ব্যৰ্থ হ’বলৈ দিয়া নহ’ব ।

কিষান কংগ্ৰেছৰ সদস্যসকলে আজি বিয়লি ১১.৩০ বজাত দিল্লীত থকা দলৰ কাৰ্যালয়ৰ পৰা কৃষিভৱনক উদ্দেশ্যি সমদল উলিয়ায় । কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং ট’মৰৰ কাৰ্যালয় ঘেৰাও কৰাৰ পৰিকল্পনা কৰা হৈছিল । তেওঁলোকে কাঁহি-বাটি বজায় শ্ল’গান দিয়ে, ‘আৰু কিমান মৃত্যু চাব বিচাৰে আপোনালোকে ?’ অৱশ্যে কৃষিভৱনৰ বহু দূৰতেই তেওঁলোকক বাধা আৰোপ কৰা হয় ।

কিছুদিন পূৰ্বে ৰাজস্থানত দুটা মহাপঞ্চায়ত বহিছিল ‌। মহাপঞ্চায়তত উপস্থিত আছিল মুখ্যমন্ত্ৰী অশোক গহলৌট । সেইদিনাই কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা বদৰা প্ৰধানমন্ত্ৰীৰ কেন্দ্ৰ বাৰাণসীত যায় ।

সংযুক্ত কিষান মৰ্চাই আজি এক সংবাদ মেলত কয়, ‘দক্ষিণ ভাৰতৰ পৰা এটা বিশাল প্ৰতিনিধিৰ দল আজি ছিংঘু সীমান্তত উপস্থিত হৈছে । বিগত দুদিন তেওঁলোক গাজিপুৰত আছিল । ছিংঘুত তেওঁলোকে শ্ল’গান দিয়ে, এই আন্দোলন সমগ্ৰ দেশৰ আন্দোলন ।’

এই প্ৰতিনিধি দলত আছে তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কেৰালা আৰু তেলেংগানাৰ কৃষকসকল । ন্যূনতম সমৰ্থিত মূল্য (এম এছ পি)ৰ বিষয়ে কৃষকসকলক নিশ্চয়তা দিয়াৰ ওপৰত বিশেষ জোৰ দিছে তেওঁলোকে । দক্ষিণৰ কৃষকসকলৰ বক্তব্য, ‘এই তিনি কৃষি আইন দেশৰ কৃষকসকলৰ বাবে মৃত্যু তাণ্ডৱৰ প্ৰতীক ।’

কৃষি আন্দোলনকাৰী নৱদ্বীপ কৌৰক জামিন দিছে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চতম ন্যায়ালয়ে । কৃষক মৰ্চাই আজি ন্যায়ালয়ৰ সিদ্ধান্তক স্বাগত জনাই কয়, ‘নৱদ্বীপ কৃষক-মজদুৰ ঐক্য আৰু কৃষক আন্দোলনৰ শক্তি বৃদ্ধি কৰিবৰ বাবে যুঁজি আছে ।’

Exit mobile version