● মেথিয়ে কলেষ্টৰেলৰ মাত্ৰা হ্ৰাস কৰে ।
● মেথি গেলেক্ট’মেনন যুক্ত যিয়ে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে ।
● মেথিত থকা উচ্চ পৰিমাণৰ পটেছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰিত কৰি ৰাখে ।
●মধুমেহ থকা লোকে মেথি বীজ বা শাক হিচাপে নিজৰ আহাৰত অন্তৰ্ভুক্ত কৰা প্ৰয়োজনীয় । কাৰণ ইয়াত থকা গেলেক্ট’মেনন এবিধ প্ৰাকৃতিক দ্ৰৱণীয় যিয়ে ৰক্তত ছুগাৰৰ পৰিমাণ হ্ৰাস কৰে ।
● মেথি ফাইবাৰ আৰু এণ্টি-অ’ক্সিডেণ্টযুক্ত হোৱাৰ বাবে ই আমাৰ শৰীৰৰ পৰা ক্ষতিকাৰক টক্সিনবোৰ মল হিচাপে ওলিয়াই দিয়াত সহায় কৰে আৰু হজম ক্ষমতা বৃদ্ধি কৰে ।
● মেথিৰ চাহ খালে বদহজম আৰু পেটৰ বিষ নিৰাময় হয় ।
● আপোনাৰ আহাৰত এচামুছ মেথিৰ বীজৰ অন্তৰ্ভুক্তিয়ে বুকুৰ পুৰণি নিৰাময় কৰিব পাৰে ।
● পুৱা খালী পেটত মেথি খালে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায় হয় । কাৰণ মেথিয়ে বহু সময়লৈ আমাৰ পেট পৰিপূৰ্ণ অনুভৱ কৰায় ।
● জ্বৰ হ’লে মেথিৰ বীজৰ স’তে এচামুছ নেমুৰ ৰস আৰু এচামুছ মৌ খাব লাগে । ই জ্বৰ হ্ৰাস কৰে ।
● মেথিত উপলব্ধ শ্লেষ্মাই ডিঙিৰ বিষৰ পৰা উপশম দিয়ে ।