ৰক্তাক্ত ম্যানমাৰ, সেনাৰ গুলিত নিহত ১৮

2021 02 28T135327Z 1403319735 RC2J1M9S9R6R RTRMADP 3 MYANMAR POLITICS

শান্তিপূৰ্ণ প্ৰতিবাদৰ ওপৰত সেনা-আৰক্ষীৰ যৌথ অভিযান অব্যাহত । কিছু বিক্ষিপ্ত ঘটনাত আহত হৈছিল প্ৰতিবাদকাৰীসকল । কালি ম্যানমাৰত সেনা শাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা গণতন্ত্ৰকামীসকলৰ ওপৰত গুলী চালনা আৰু গ্ৰেনেড বৰ্ষণ কৰা হয় । ফলত ১৮ জন লোক নিহত হয় ।

সম্প্ৰতি সেনা চৰকাৰ আৰু আৰক্ষীৰ মুখপাত্ৰই এই সন্দৰ্ভত কোনো মত প্ৰকাশ কৰা নাই । এমাহ পূৰ্বে সেনা অভ্যুত্থানৰ মাধ্যমত শাসন ভাৰ নিজৰ হাতত তুলি লৈছিল ম্যানমাৰ সেনাই । তেতিয়াৰ পৰাই নিৰ্বাচিত চৰকাৰৰ সকলোবোৰ প্ৰতিনিধি গৃহবন্দী ।

আটক কৰা হৈছে শান্তি বঁটা জয়ী অঙ্গ ছান ছ্যু কীকো । সেনা শাসনৰ বিৰোধিতা আৰু সকলো গণতান্ত্ৰিক নেতা-নেত্ৰীৰ মুক্তিৰ দাবীত এমাহ ধৰি ৰাজপথত প্ৰতিবাদ কৰি আছে ম্যানমাৰবাসীয়ে । সেনাই দেশত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দিছে যদিও কোনো দিন ঘোষণা কৰা নাই ।

ইপিনে সেনা বিষয়া মিন অঙ্গ লাইঙে দাবী কৰিছে যে, শান্তিপূৰ্ণভাৱেই আন্দোলন নিয়ন্ত্ৰণ কৰিছে ম্যানমাৰ সেনাই ।

Exit mobile version