অসমৰ চাহ বাগিচাত শ্ৰমিকসকলৰ মাজত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণৰ আজি দ্বিতীয় দিন । মঙলবাৰে পুৱা হঠাৎ চাহ শ্ৰমিকসকলৰ মাজত উপস্থিত হয় নেত্ৰীগৰাকী। অসমত নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ আহি চাহ বাগিচাৰ শ্ৰমিকৰ ঘৰত তেওঁলোকৰ সমস্যাৰ বুজ ললে নেত্ৰীগৰাকীয়ে।

ৰাহুলে হওক বা প্ৰিয়ংকা, শীৰ্ষ কংগ্ৰেছ নেতাসকলে সাধাৰণ লোকৰ স’তে একত্ৰিত হ’ব বিচাৰিছে। কিছুদিন পূৰ্বে ৰাহুল গান্ধীয়ে কেৰালাৰ মাছমৰীয়াসকলৰ স’তে সাগৰত অৱতৰণ কৰিছিল। তেওঁ কৈছিল যে তেওঁ মাছমৰীয়াসকলৰ দৈনিক জীৱনৰ সংগ্ৰাম অনুভৱ কৰিব বিচাৰে। এইবাৰ প্ৰিয়ংকা গান্ধীয়ে অসমৰ চাহ বাগিচাত শ্ৰমিকসকলৰ মাজত উপস্থিত হয়।

প্ৰিয়ংকাই চাহ শ্ৰমিকসকলৰ দুৰৱস্থাৰ কথা শুনিছিল। চৰকাৰ আহে, চৰকাৰ যায়। কিন্তু চাহ শ্ৰমিকৰ জীৱন সেই অন্ধকাৰতেই থাকে। চাহ উদ্যোগৰ মুখ্য কৰ্মচাৰী শ্রমিকসকলেই ।

কিন্তু তেওঁলোক বহু বছৰ ধৰি এক শোচনীয় অৱস্থাতে আছে । অসমৰ চাহৰ নাম আৰু সুগন্ধ গোটেই বিশ্বত বিয়পি আছে। প্ৰিয়ংকা গান্ধীয়ে টুইট কৰে, ‘অসমৰ বাৰেৰহনীয়া সংস্কৃতিয়ে হৈছে তেওঁলোকৰ শক্তি। অসমৰ মানুহে এই সংস্কৃতি ৰক্ষা কৰিবলৈ ব্যাকুল হৈ পৰিছে । এই যাত্ৰাত মই সেইটো বুজি পালো । কংগ্ৰেছে তেওঁলোকৰ এই যুঁজত যোগদান কৰিব। মই প্ৰতিশ্ৰুতি দিছো ।’

Exit mobile version