একাপ চাহৰ মূল্য এহেজাৰ টকা !

জানো আহক কলকাতাৰ কোন ঠাইত আছে এই বিশেষ দোকান

what are the benefits of red tea

চাহ আচলতে সকলোৰে প্রিয় । পুৱা উঠি একাপ চাহ নাখালে যেন দিনটোৱে নাযায় নুপুৰাই ।আপুনি হয়টো বিভিন্ন ঠাইত চাহ খাই পাইছে । কিন্তু আপুনি জানেনে যে কলকাতাত এখন বিশেষ চাহ দোকানত পায় ১০০ বিধতকৈও অধিক প্ৰকাৰৰ চাহ ।

মুকুন্দপুৰৰ এখন সৰু দোকান, যাৰ নাম নিৰ্জাছ। মুৰৰ ওপৰত ক্ষুদ্ৰ এটা ছাতি । এই সৰু দোকানখনত আছে মাত্ৰ কেইখনমান প্লাষ্টিকৰ চকী । কিন্তু আপুনি যদি ইয়ালৈ যায়,তেতিয়া আপুনিও সোৱাদ লব পাৰিব এবিধ বিশেষ চাহ । যাৰ প্ৰতি কাপৰ মূল্য প্ৰায় এক হেজাৰ টকা। এই বিশেষ চাহ পাতৰ মূল্য প্ৰতি কেজিত তিনি লাখ টকা।

এক হেজাৰ টকাৰ চাহে নহয় আপুনি নিৰ্জাছলৈ গলে মুঠ ১০০ টা প্ৰকাৰৰ চাহৰ সোৱাদ ল’ব পাৰিব। এই দোকানত চাহৰ প্ৰতি মূল্য ১২ টকাৰ পৰা আৰম্ভ হয়।

যদি আপুনি ইয়ালৈ যায়, আপুনি পাব ছিলভাৰ নিডেল চাহ, লেভেণ্ডাৰ চাহ, হিবিকাছ চাহ, ৱাইন চাহৰ লগতে টিষ্টা উপত্যকাৰ চাহৰ লগতে আৰু অন্যান্য প্ৰকাৰৰ চাহ ।

এই বিশেষ চাহ দোকানৰ মালিক পাৰ্থপ্ৰতিম গাংগুলীয়ে সদায় চাকৰি বিচাৰিছিল। তেওঁ চাকৰিও কৰিছিল পিছত তেওঁ চাকৰি এৰি এটা ব্যৱসায় আৰম্ভ কৰিলে। ২০১৪ চনত তেওঁ আৰম্ভ কৰিলে নিৰ্জাছ।

Exit mobile version