বলিউডৰ বিতর্কিত অভিনেত্রী কংগনা ৰণৌটৰ বিৰুদ্ধে গ্রেপ্তাৰী পৰােৱানা জাৰি কৰিলে মুম্বাইৰ অন্ধেৰীৰ মহানগৰ দণ্ডাধীশৰ আদালতে।
গীতিকাৰ-সুৰকাৰ জাভেদ আখতাৰে তৰা মানহানিৰ এক গােচৰত আদালতে অভিনেত্রীগৰাকীলৈ জামিনযােগ্য গ্রেপ্তাৰী পৰােৱানা জাৰি কৰিছে।
চমন জাৰি কৰাৰ পাছতাে আদালতত কংগনাই উপস্থিত হােৱা নাছিল আৰু এই কাৰণতে আদালতে তেওঁক গ্রেপ্তাৰ কৰিবলৈ নির্দেশ দিলে।
অভিনেত্রীগৰাকীৰ অধিবক্তা প্রকাশ কৰা মতে, বিষয়টোৰ সন্দৰ্ভত তেওঁলােকে উচ্চতৰ আদালতৰ দ্বাৰস্থ হ’ব। সোমাবাৰে আদালতে আখতাৰে দাখিল কৰা মানহানিৰ গােচৰৰ পৰৱর্তী শুনানিৰ দিন অহা ২৬ মার্চত নির্ধাৰণ কৰে।
উল্লেখ্য যে কংগনাই আখতাৰৰ বিৰুদ্ধে স্বজন-তােষণৰ লগতে তেওঁক ভাবুকি দিয়াৰ একাধিক অভিযােগ সামাজিক মাধ্যমৰ জৰিয়তে উত্থাপন কৰিছিল। এনে অভিযােগৰ পৰিণতিতে আখতাৰে কংগনাৰ বিৰুদ্ধে দণ্ডাধীশৰ আদালতত মানহানিৰ গােচৰ তৰিছিল।
কিন্তু একাধিকবাৰ কংগনাই চমন লাভৰ পাছতাে আদালতত হাজিৰ নােহােৱাত আদালতে তেওঁৰ বিৰুদ্ধে গ্রেপ্তাৰী পৰােৱানা জাৰি কৰে।






























