● পুৱা ছয় বজাত নিগাজীপামৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰভাত শৰ্মাই ।
● কিছুদিনৰ পৰা শাৰীৰিকভাৱে অসুস্থ হৈ আছিল শিল্পীগৰাকী ।
●৮৬ বছৰ বয়সত দেহাৱসান ঘটে প্ৰভাত শৰ্মাৰ ।
● বিশিষ্ট বাঁহী বাদক হিচাপে সুখ্যাতি অৰ্জন কৰিছিল বিশিষ্ট শিল্পীজনে ।
● সংগীত নাটক অকাডেমী বঁটাৰে লাভ কৰিছিল ।
● নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব ।
●বিশিষ্ট সংগীত শিল্পীজনৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোক প্ৰকাশ ।
যশস্বী সংগীতজ্ঞ, বাঁহীবাদক প্ৰভাত শৰ্মাদেৱৰ বিয়োগত মৰ্মাহত হৈছোঁ। অসমৰ সংগীতৰ চহকী যাত্ৰাত তেখেতে যি অনবদ্য অৱদান আগবঢ়াই গৈছে, সেয়া স্মৰণীয় হৈ ৰ'ব।
এই শোকৰ মুহূৰ্তত শৰ্মাদেৱৰ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধলৈ গভীৰ সমবেদনা জনালোঁ আৰু তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।
ঔঁ শান্তি pic.twitter.com/QlSPkCkUUa
— Sarbananda Sonowal (Modi Ka Parivar) (@sarbanandsonwal) March 2, 2021