টিএমচি নেতাই মঞ্চত কাণত ধৰি কৰিলে উঠা-বহা

বিজেপিত যোগদানৰ লগতে ক্ষমা প্ৰাৰ্থনা

সুভেন্দু অধিকাৰীসহ অন্য নেতাসকলৰ উপস্থিতিত বিজেপিত যোগ দিবৰ বাবে ব্লক স্তৰৰ তৃণমূল কংগ্ৰেছৰ নেতা সুশান্ত পালে কাণত ধৰি উঠা-বহা কৰি নিজকে শাস্তি প্ৰদান কৰে ।

সুশান্ত পালে নিজকে শাস্তি প্ৰদান কৰি জনতাক সম্বোধন কৰি কয় যে, তেওঁ টিএমচিৰ সদস্য হোৱাৰ বাবে নিজকে এই পাপৰ পৰা মুক্ত কৰিব বিচাৰিছে ।

অনুষ্ঠানক উদ্দেশ্যি পালে কয় যে, তেওঁ বিজেপি নেতা আছিল, কিন্তু বাওঁপন্থী চৰকাৰক ক্ষমতাচ্যুত কৰিবৰ বাবে ২০০৫ত টিএমচিত যোগ দিছিল । পালে কয়, ‘নিজকে শাস্তি প্ৰদান কৰি মই মোৰ পাপৰ বাবে ক্ষমা বিচাৰিছো ।’

Exit mobile version