বিয়াৰ বাবে অতিক্ৰম কৰিছিল ৫৬৫ কিলােমিটাৰ দূৰত্ব

পঢ়ক সবিশেষ

IPS Navjot Simi

বুদ্ধিমতী আৰু ৰূপৱতী, এই দুয়ােটা উপমাই তেওঁৰ স’তে সকলাে সময়তে ৰজিতা খােৱা। গণিতৰ সকলাে কঠিন সমস্যা পৰীক্ষাৰ বহীত নিমিষতে সমাধান কৰিব পাৰিছিল। কেৱল গণিতেই নহয়; ইংৰাজী, ভূগােল, ইতিহাস, দেশৰ সংবিধান আদি প্রায় সকলাে বিষয়তে তেওঁৰ জ্ঞান ঈর্ষণীয়। বিভিন্ন পত্রিকাৰ পাতত তেওঁৰ অবাধ বিচৰণৰ সমান্তৰালকৈ সামাজিক মাধ্যমতাে তেওঁ অতি পৰিচিত মুখ।

ইনষ্টাগ্ৰামত তেওঁক দেখিলে যিকোনাে লােকেই টিক্টক তাৰকা বা বলিউদৰ নায়িকা বুলি ভুল কৰিব পাৰে। কিন্তু এইবােৰৰ স’তে তেওঁৰ কোনাে সম্পর্ক নাই। এই সুন্দৰী যুৱতী আচলতে বিহাৰৰ এগৰাকী আইপিএছ বিষয়া। নৱজ্যোৎ ছিমি নামৰ এই আৰক্ষী বিষয়াগৰাকীয়ে ২০২০ত আইপিএছ পৰীক্ষাত উত্তীর্ণ হৈছিল। ইয়াৰ পূর্বে নৱজ্যোতে পিচিএছ। (পঞ্জাৱ চিভিল ছাৰ্ভিচ) বিষয়াৰূপে চাকৰিত যােগ দিছিল।

পঞ্জাৱৰ এক অনুসূচীত জাতিৰ পৰিয়ালত জন্ম নৱজ্যোতৰ। পিতৃ আছিল এটা ৰাষ্ট্ৰীয়কৃত বেংকৰ বিষয়া। মাতৃ এগৰাকী গৃহিণী। অনুসূচীত জাতিৰ হােৱা বাবে শৈশৱত তেওঁ প্রতিবেশী,বন্ধু-বান্ধৱৰ পৰা প্ৰায়েই কটাক্ষৰ সন্মুখীন হৈছিল। সেই বাবেই তেওঁ শৈশৱৰ পৰা চৰকাৰী উচ্চপদত চাকৰি কৰাৰ সপােন দেখিছিল। পঞ্জাৱৰ এখন বেচৰকাৰী স্কুলত অধ্যয়ন কৰাৰ পাছত নৱজ্যোতে লুধিয়ানাৰ বাবা যশােৱন্ত সিং দন্ত মহাবিদ্যালয়ৰ পৰা স্নাতক হয়।

ইয়াৰ পাছত তেওঁ দন্ত চিকিৎসকৰূপে কর্মত নিয়ােজিত হয়। অৱশ্যে নৱজ্যোতৰ স্বপ্ন আছিল আইপিএছ হােৱাৰ। সেয়ে দন্ত চিকিৎসকৰূপে দায়িত্ব পালনৰ সমান্তৰালকৈ তেওঁ কেন্দ্রীয় লােকসেৱা আয়ােগৰ পৰীক্ষাৰ বাবে প্রস্তুতি অব্যাহত ৰাখিছিল। নতুন দিল্লীত তেওঁ ব্যক্তিগত শিক্ষকৰ সহায়াে লয়। প্রথম প্রচেষ্টাতে আইপিএছ হােৱাটো কোনাে মুখৰ কথা নহয়। ২০১৬ তেওঁ প্রথমে পিচিএছ বিষয়া হয়।

চিকিৎসা সেৱা ত্যাগ কৰি তেওঁ প্রশাসনিক পদত যােগ দিয়ে। তাৰ পাছৰ হছৰতে নৱজ্যোতে আইপিএছ। পৰীক্ষাত উত্তীর্ণ হয়। সমগ্র দেশত তেওঁ ৭৩৪ নম্বৰ স্থান পায়। সম্প্রতি তেওঁ পাটনাত কৰ্মৰত হৈ আছে। এগৰাকী আৰক্ষী বিষয়া হােৱা সত্ত্বেও নৱজ্যোতক দেখিলে বলিউদৰ নায়িকা বুলিয়ে ভুল হ’ব পাৰে। বিশেষকৈ বিভিন্ন সাজ-সজ্জাৰে ফটো উঠাৰ চখাে তেওঁৰ আছে।

অপূর্ব সুন্দৰী নৱজ্যোতক দেখিলে কোনেও নক’ব যে তেওঁ প্ৰকৃততে এগৰাকী আৰক্ষী বিষয়াহে। কাৰণ তেওঁৰসৌন্দর্য এগৰাকী বলিউদৰ নায়িকা হােৱাৰ বাবে যথেষ্ট। এই অপূর্ব ৰূপৱতী আইপিএছ বিষয়াগৰাকীয়েই সম্প্রতি নিজৰ প্ৰেম আৰু বিবাহৰ বাবে বিশেষ চৰ্চাৰ কেন্দ্রবিন্দু হৈ পৰিছিল।২০১৫ৰ ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া তুষাৰ ছিংলাৰ স’তে প্ৰেমৰ সম্পর্ক গঢ়ি উঠিছিল নৱজ্যোতৰ।

আইএএছ বিষয়া ছিংলা সম্প্রতি পশ্চিমবংগত নিয়ােজিত হৈ আছে। যােৱা ভেলেন্টাইন ডেৰ দিনা প্রেমিকক কাষত পােৱাৰ বাবেই নৱজ্যোতে পাটনাৰ পৰা ৫৬৫ কিলােমিটাৰ পথ অতিক্ৰম কৰি পশ্চিমবংগৰ উলুবেড়িয়াত উপস্থিত হৈছিল। দীর্ঘদিন ধৰিয়েই তেওঁলােকৰ প্ৰেমৰ শুভ পৰিণতিত বাধাৰ সৃষ্টি কৰি আহিছিল নিজ নিজ কর্মই। সেয়ে বিবাহপাশত আবদ্ধ হােৱাৰ বাবেই নৱজ্যোতে ভেলেন্টাইন ডেত আহি প্রেমিক তুষাৰৰ কাৰ্যালয়ত উপস্থিত হয়।

তাতেই দুয়াে আদালতত বিবাহৰ পঞ্জীয়ন কৰায়। অৱশ্যে কামৰ চাপত এই পর্যন্ত তেওঁলােকে কোনাে অনুষ্ঠানৰ আয়ােজন কৰিব পৰা নাই। কিছুদিন পূর্বে নৱজ্যোৎ ব্যস্ত আছিল বিহাৰৰ নিৰ্বাচনত। এতিয়া প্রেমিক তুষাৰ ব্যস্ত হৈ আছে। পশ্চিমবংগৰ আগন্তুক নির্বাচনক কেন্দ্ৰ কৰি। নির্বাচনৰ পাছতে দুয়াে ধুমধামেৰে বিবাহৰ আয়ােজন কৰিব বুলি সংবাদ মাধ্যমক জনাইছে।

Exit mobile version