যি সময়ত বিভিন্ন স্থানত নিৰ্বাচনী প্ৰস্তুতিৰ কাম-কাজত নিয়োজিত কৰ্মচাৰী বিষয়াসকলক দুপৰিয়াৰ আহাৰ লুচি-পুৰি অথবা ভাতৰে অপ্যায়ন কৰা হয়, সেই সময়তে বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচনত নিয়োজিত বিষয়া কৰ্মচাৰীক দুপৰিয়া থলুৱা আহাৰৰ জুতি প্ৰদান কৰিছে জিলা প্ৰশাসনৰ লোকে।
সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়তো তুংগত উঠিছে নিৰ্বাচনী প্ৰস্তুতি। যাৰ বাবে বিশ্বনাথৰ জিলা উপায়ুক্ত কাৰ্যালয়ত নিয়োগ কৰা হৈছে বিশ্বনাথ জিলাৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীক।

কিন্তু এই কৰ্মচাৰীসকলক দুপৰিয়া জিলা উপায়ুক্ত কাৰ্যালয়ে দুপৰিয়াৰ এসাঁজ খাবলৈ যি ব্যৱস্থা গ্ৰহণ কৰিছে এই ব্যৱস্থাক সকলোৱে শলাগ লৈছে। কাৰণ দুপৰিয়া আহাৰত প্ৰদান কৰা হৈছে থলুৱা খাদ্য সম্ভাৰ। এই খাদ্য সম্ভাৰত আছে থলুৱা কুমল চাউল, দৈ আৰু গুৰৰ লগতে ৰসগোল্লা ।
হেঁপাহ পলোৱাই খাইছে সকলোৱে । কাৰণ, আন খাদ্যতকৈ এই খাদ্য খালে কোনো ধৰণৰ শাৰিৰীক অসুস্থতা নহয় । লগতে এই থলুৱা খাদ্যৰ বাবে ব্যৱহাৰ কৰা ধন থলুৱা লোকৰ হাতত পৰিলে উপকৃত হ’ব থলুৱা লোকসকল । সেয়ে বিশ্বনাথ জিলা উপায়ুক্ত তথা নিৰ্বাচনী বিষয়া আৰু খাদ্যৰ দায়িত্বত থকা সকলো লোককে ধন্যবাদ জনাইছে নিৰ্বাচনী প্ৰস্তুতিৰ বাবে নিয়োজিত হৈ থকা বিষয়া কৰ্মচাৰীসকলে ।





























