কোকৰাঝাৰ জিলাৰ তিনিটা বিধানসভা সমষ্টিত ৮২৮ টা ভোট গ্ৰহণ কেন্দ্ৰ

নিৰ্বাচনী প্ৰস্তুতি সম্পূৰ্ণ

176848 poll

কোকৰাঝাৰ জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ নিৰ্বাচনীী প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে জিলা প্ৰশাসনে ৷ কোকৰাঝাৰ জিলাত থকা তিনিটা বিধানসভা সমষ্টি ক্ৰমে কোকৰাঝাৰ পূব (জনজাতি),কোকৰাঝাৰ পশ্চিম(জনজাতি)আৰু গোসাইগাওঁ বিধানসভা সমষ্টিৰ ইতিমধ্যে ভোটাৰৰ সংখ্যা আৰু ভোটগ্ৰহন কেন্দ্ৰৰ সংখ্যা নিৰ্ণয় কৰি মাষ্টাৰ প্লেন প্ৰস্তুত কৰি তুলিছে ৷

সেই মৰ্মে কোকৰাঝাৰ পূব (জনজাতি)বিধানসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা সৰ্বমুঠ ১,৮৩,৯৯৩ জনৰ বিপৰীতে ভোট গ্ৰহন কেন্দ্ৰ ২৮২ টা প্ৰস্তুত কৰা হৈছে ৷ সমষ্টিটোত পুৰুষ ভোটাৰ ৯০,৪৭৫ গৰাকী,মহিলা ভোটাৰ৯২,৪১৬ গৰাকী,তৃতীয় লিঙ্গৰ ভোটাৰ এজন আৰু চাকৰীয়াল ভোটাৰ১,১০২ গৰাকী ৷

কোকৰাঝাৰ পশ্চিম(জনজাতি)সমষ্টিৰ সৰ্বমুঠ ভোটাৰ ১,৮৬,৩৮৯ গৰাকী ৷ ইয়াৰ বিপৰীতে ভোট গ্ৰহন কেন্দ্ৰ হৈছে ২৬৭ ৷ সমষ্টিটোত পুৰুষ ভোটাৰ ৯৪,১৮৫ জন ,মহিলা ভোটাৰ ৮৯,৬৬৪ গৰাকী,তৃতীয় লিঙ্গৰ এগৰাকী, চাকৰিয়াল ভোটাৰৰ সংখ্যা হ’ল ২৫৩৯ গৰাকী ৷ গোসাাইগাও বিধান সভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৯১,০৬৯ জন ৷

ইয়াৰে পুৰুষ ভোটাৰ ৯৬,৯৩৩ জন ,মহিলা ভোটাৰ ৯১,৮৪৮ গৰাকী, তৃতীয় লিঙ্গৰ দুই জন আৰু চাকৰিয়াল ভোটাৰ আছে ২২৮৬ জন ৷ উল্লেখ্য্য যে নিৰ্বাচন আয়োগে এইবাৰ পোণ প্ৰথম বাৰৰ বাবে দিব্যাংং সকলক আৰু ৮০ উৰ্দ্ধৰ ব্যক্তি আৰু কোভিড আক্ৰান্ত ভোটাৰ সকলৰ বাবে পোষ্টেল ভোটৰ ব্যৱস্থা কৰিছে ৷ কোকৰাঝাৰ পূৱ সমষ্টিৰ ৮০ ৰ উৰ্দ্ধৰ ভোটাৰ ২,৫৮৪ গৰাকী ,কোকৰাঝাৰ পশ্চিম সমষ্টিৰ ২,৫৩৯, গোসাইগাও সমষ্টিত ২,২৮৬ গৰাকী ৷

কোকৰাঝাৰ জিলা প্ৰশাসনেে সমাগত বিধানসভাৰ নিৰ্বাচনকলৈ অভিযোগ তদাৰক কোষ এটা গঠন কৰি দি ৰাইজৰ সুুবিধাৰ্থে দিনে নিশাৰ বাবে ১০৭৭ আৰু ০৩৬৬১-২৭০৫৬৭ দুটাকৈ ট’ল ফ্ৰী নম্বৰ মুকলি কৰিছে ৷ ২৪ ঘন্টাই খোলা থকা নম্বৰ দুটাত সকলোৱে অভিযোগ কৰিব পাৰিব বুলি জনায় ৷

Exit mobile version