সুস্মিতা দেৱৰ পদ ত্যাগ লৈ শিলচৰ কংগ্ৰেছ কাৰ্য্যলয়ত উত্তেজনা

55558787cfd2b40fd48e5efa4840cbaf

শিলচৰ জিলা কংগ্ৰেছ অফিচ কাৰ্য্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ সুস্মিতা দেবৰ পদ ত্যাগ লৈ সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতিৰ ৷ একাংশ কংগ্ৰেছ কৰ্মী সকলে জিলা কংগ্ৰেছ কাৰ্য্যলয় ভঙাৰ লগতে তলা মাৰিলে কাৰ্য্যালয়ৰ সভাপতিৰ কোঠাত ৷

লগতে জিতেন্দ্ৰ সিং সহ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত সকলৰ পোষ্টাৰ ফালি জুই লগাই দিলে বিক্ষুব্ধ কংগ্ৰেছ কৰ্মী সকলে ৷ তেওঁলোকৰ দাবী প্ৰদেশ কংগ্ৰেছে টিকেট লৈ যি কাণ্ড কৰিছে সেইয়া কেতিয়াও তেওঁলোকে মানি নলয় ৷ প্ৰয়োজনত গণ হাৰে কংগ্ৰেছৰ পৰা পদ ত্যাগৰ হুংকাৰ কংগ্ৰেছ কৰ্মী সকলৰ ৷

Exit mobile version