সন্তানক কোলাত লৈ যান নিয়ন্ত্ৰণ মহিলা আৰক্ষীৰ

চাওক ভাইৰেল ভিডিঅ'

কোলাত সন্তান লৈ যান নিয়ন্ত্ৰণ কৰি আদৰ্শ আৰক্ষীৰ নিদৰ্শন দাঙি ধৰিলে প্ৰিয়ংকাই । সম্প্ৰতি চণ্ডীগড়ৰ ৰাজপথত বন্দী কৰা এটা ভিডিঅ’ ভাইৰেল হৈছে সামাজিক মাধ্যমত । ভিডিঅ’ত দেখা গৈছে যে, কোলাত সন্তানক লৈ পথৰ যান নিয়ন্ত্ৰণ কৰিছে তেওঁ ।

কৰ্তব্যৰ এনে নিদৰ্শন দেখি সকলোৱে শলাগ লৈছে । কিছুসংখ্যকে মত প্ৰকাশ কৰিছে যে, আৰক্ষীৰ চাকৰি কৰা মহিলাসকলে সন্তান লালন-পালনৰ সময়কনো পাবলৈ টান । প্ৰশাসনে এই বিষয়ত গুৰুত্ব আৰোপ কৰিব লাগে ।

এই পৰ্যন্ত লক্ষ লক্ষ শ্বেয়াৰ আৰু ভিউ লাভ কৰিছে ভিডিঅ’টোৱে । কৰ্মৰত অৱস্থাত মহিলাগৰাকীয়ে যিদৰে মাতৃত্বৰ দায়িত্ব পালন কৰিছে, বহুতে তাৰ প্ৰশংসা কৰিছে । কিছু সংখ্যক আকৌ চিন্তিত সন্তানটোক লৈ ।

তেওঁলোকে লিখে যে, ব্যস্ত পথত প্ৰদূষণৰ মাজত সন্তানক কোলাত লৈ ঘণ্টাৰ পাছত ঘণ্টা জুৰি কৰ্মৰত হৈ আছে মহিলাগৰাকী । সেয়া সন্তানৰ বাবে স্বাস্থ্যকৰ নহয় ।

Exit mobile version