এন এফ ৰেলৱে এম্পল’য়িজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

international women s day illustration with profile woman 52683 55776

এন এফ ৰেলৱে এম্পল’য়িজ ইউনিয়নৰ মহিলা শাখাৰ উদ্যোগত আজি এনএফ ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ সন্মুখৰ বাকৰিত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় । এই উপলক্ষে সবিতা ঠাকুৰীয়াৰ নেতৃত্বত তেওঁৰ দলে পৰিৱেশন কৰা নামৰ কাৰ্যসূচীৰে দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সভাখন আৰম্ভ কৰা হয় ।

আনহাতে মহিলা শাখাৰ সম্পাদিকা সীমা খানৰ আদৰণি ভাষণৰে আৰম্ভ হোৱা সভাত এনএফ ৰেলৱে মহিলা কল্যাণ সংস্থাৰ সভানেত্ৰী আভা গুপ্তাই মুখ্য অতিথি হিচাপে ভাগ লৈ আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোৰ তাৎপৰ্য দাঙি ধৰে ।

সভাত বিশিষ্ট অতিথি হিচাপে সংস্থাৰ সম্পাদিকা অনুপমা আগৰৱালা , সন্মানীয় অতিথি হিচাপে লেখিকা অৰূপা কলিতা পটংগীয়া , মনীষা শৰ্মা , এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়া , সাংগঠনিক সম্পাদিকা প্ৰণীতা মজুমদাৰে চমু ভাষণ প্ৰদান কৰে ।

উক্ত সভাত চনু কুমাৰীয়ে সংগীত পৰিৱেশন কৰে । শেষত শলাগৰ শৰাই আগবঢ়াই ইউনিয়নৰ মহিলা শাখাৰ সভানেত্ৰী জোঁস্না দাসে ।

Exit mobile version