সংসদত ইন্ধনৰ মূল্য বৃদ্ধিক লৈ বিৰোধী দলৰ প্ৰতিবাদ

parliament 31615178447415

আজি সংসদত বাজেটৰ দ্বিতীয় অধিবেশনত কংগ্ৰেছ সাংসদসকলে ইন্ধনৰ‌ বৰ্ধিত মূল্যৰ বিষয়ত বিতৰ্কৰ দাবী জনোৱাৰ পাছতে ১০.০২ বজাত অধিবেশন স্থগিত কৰা হয় । বিগত কিছু সপ্তাহ ধৰি ইন্ধনৰ মূল্য বৃদ্ধি হৈয়ে আছে । বহু নেতা আৰু দলে চাইকেল, গৰু গাড়ী আৰু বৈদ্যুতিক স্কুটাৰ চলাই মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । ২৭ ফেব্ৰুৱাৰীত ইণ্ডিয়ান অইল কৰ্প’ৰেছনৰ সৰ্বোচ্চ মূল্য আছিল ৯১.১৭ টকা ।

প্ৰতিবাদী কংগ্ৰেছ সাংসদসকলক উদ্দেশ্যি ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকয়া নাইডুৱে কয়, ‘মই প্ৰথম দিনাই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব নিবিচাৰো ।’

ইয়াৰ পূৰ্বে ৰাজ্যসভাত বিৰোধি দলৰ নেতা মল্লিকাৰ্জুন খড়গে এই সন্দৰ্ভত কংগ্ৰেছৰ উদ্বেগ দাঙি ধৰিছিল । তেওঁ বিধি ২৫৭ৰ অধীনত এই বিষয়ত বিতৰ্ক কৰিবলৈ হাউচ কাৰ্যক্ৰম স্থগিত কৰাৰ দাবী জনাইছিল ।

খড়গে কয়, ‘আজি পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত প্ৰায় এশ টকা । ডিজেলৰ মূল্যও ৮০ টকাতকৈ অধিক । ২০১৪ৰ পৰা মুঠ ২১ লাখ কোটি টকা এক্সাইজ শুল্ক হিচাপে আদা‌য় কৰা হৈছে । সেয়ে দেশখন ক্ষতিগ্ৰস্ত হৈছে, মূল্য বৃদ্ধি হৈ আছে ।’

ৰাজ্যসভাৰ অধ্যক্ষই এই দাবী প্ৰত্যাখান কৰি কয়, ‘উপযোজন বিলৰ আলোচনাৰ সময়তো বিষয়টোৰ ‌সন্দৰ্ভত বিতৰ্ক কৰিব পৰা যায় ।’ দাবী প্ৰত্যাখান হোৱাৰ পাছত বিৰোধি সাংসদসকলে শ্ল’গানেৰে প্ৰতিবাদ কৰিবলৈ লয় । অধ্যক্ষ নাইডুৰ অনুৰোধ স্বত্ত্বেও শ্ল’গান দিয়া বন্ধ নকৰাত ১১ বজালৈকে সভা স্থগিত কৰা হয় ‌। ইয়াৰ পাছত পুনৰ বিয়লি এক বজালৈকে সময়সীমা বৃদ্ধি কৰা হয় । অৱশেষত, বিভিন্ন দলৰ অনুৰোধত অধ্যক্ষই বিয়লি দুই বজাৰ পূৰ্বে অহা কালি নিৰ্ধাৰিত সময়ত পুনৰ বৈঠকত মিলিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

Exit mobile version