লণ্ডনত স্বামী নিক জ’নাছ আৰু শহুৰ-শাহুৰ স’তে সময় কটাইছে বলিউডৰ অভিনেত্ৰী প্রিয়ংকা চোপ্ৰাই

519buo08 priyanka chopra nick jonas

লণ্ডনত ছুটি কটাইছে বলিউডৰ অভিনেত্ৰী প্রিয়ংকা চোপ্ৰাই।স্বামী নিক জ’নাছ,শহুৰ-শাহুৰ স’তে লণ্ডনৰ পিগি চপছত ছুটি কটোৱা দেখা গ’ল অভিনেত্ৰীগৰাকীক। প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ সামাজিক মাধ্যমত লণ্ডনত ছুটি কটোৱাৰ এখন ফটো শ্বেয়াৰ কৰিছে। প্ৰিয়ংকাৰ ছবিখনত অভিনেত্ৰীগৰাকীৰ মাতৃ মধু চোপ্ৰাৰ স’তে নিক জ’নাছ আৰু কেভিন জ’নাছও আছে।

অভিনেত্ৰীগৰাকীৰ পৰিয়ালৰ স’তে প্ৰিয়ংকাৰ ছবি দেখাৰ পিছত, বহুতো অনুৰাগীয়ে তেওঁক মৰমে উপচাই পেলাইছে। প্ৰিয়ংকা চোপ্ৰাই শেহতীয়াকৈ নিউয়ৰ্কত এখন ৰেষ্টুৰেণ্ট খুলিছে । প্ৰিয়ংকা চোপ্ৰাই ৰেষ্টুৰেণ্টখন খুলিছে যাতে অনাবাসী ভাৰতীয়সকলে বিদেশত বহি ভাৰতীয় খাদ্যৰ সোৱাদ ল’ব পাৰে।

ইফালে, প্ৰিয়ংকা চোপ্ৰাই বৰ্তমান ‘মেট্ৰিক্স ফৰ’ৰ শ্বুটিং আৰম্ভ কৰিছে।বৰ্তমান মেট্ৰিক্স ফৰৰ বাবে দৃশ্যগ্ৰহণ কৰিবলৈ লণ্ডনত আছে অভিনেত্ৰীগৰাকী । প্ৰিয়ংকাই লণ্ডনত শ্বুটিং কৰোঁতে তেওঁৰ পৰিয়ালৰ লগত সময় কটাইছিল। কিন্তু বহুতে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছিল যে প্ৰিয়ংকা চোপ্ৰাই কিয় ক’ভিড আতংকৰ মাজত মাস্ক নোহোৱাকৈ ঘূৰি ফুৰিছে।

Exit mobile version