মন্ত্ৰী হিমন্ত বিশ্বৰ কথা গুৰুত্ব নিদিলে শিলচৰৰ বিধায়ক দিলীপ পালে

বিজেপিৰ টিকতৰ পৰা বঞ্চিত কৰি দিলীপ পালক দলৰ হকে কাম কৰি যাবলৈ কৈছিল মন্ত্ৰী শৰ্মাই

Dilip paul

কালি শিলচৰত অৱস্থান কৰি নেডাৰ আহ্বায়কে টিকত নপোৱা বিধায়কসকলৰ লগত আলোচনাত মিলিত হয় । কিন্তু আজি হিমন্তৰ প্ৰস্তাৱ প্ৰত্যাক্ষান কৰি বিজেপিৰ পৰা পদত্যাগ কৰে শিলচৰৰ বিধায়ক তথা প্ৰাক্তন উপাধ্যক্ষ দিলীপ পালে ৷ দলীয় নেতৃত্বৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি দল ত্যাগ কৰাৰ কথা জনালে দিলীপ পালে ৷

লগতে, এইবাৰৰ নিৰ্বাচনত শিলচৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলিব বুলি ঘোষণা কৰে পালে ৷ তেওঁ কয়, মুখ্যমন্ত্ৰী ভাল মানুহ কিন্তু বহিৰাগত নেতাসকলৰ বাবে এইবাৰৰ প্ৰাৰ্থীত্ব প্ৰদানত খেলিমেলি কৰিছে ।

লগতে তেওঁ শিলচৰৰ সাংসদ ৰাজদ্বীপ ৰয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, ৰাজদ্বীপ ৰয়ৰ বাবে তেওঁৰ টিকট কৰ্তন কৰা হৈছে ৷ ৰাজদ্বীপ ৰয়ক ছিণ্ডিকেট ৰাজা বুলি আখ্যা দিয়ে দিলীপ পালে ৷

Exit mobile version