ডিফুত বিজেপিৰ প্ৰথমখন নিৰ্বাচনী সভাত ১০ সহস্ৰাধিক সমৰ্থকেৰে শক্তি প্ৰদৰ্শন

বিজেপিৰ বাবে কংগ্ৰেছ প্ৰত্হ্বান নহয়,কিন্তু বদৰুদ্দিন আজমল জাতিৰ লগতে বিজেপিৰ বাবেও প্ৰত্যাহ্বান : ডাঃ হিমন্ত বিশ্ব শৰ্মা

‘সমাগত নিৰ্বাচনত বিজেপিৰ বাবে কংগ্ৰেছ দল প্ৰত্যাহ্বান নহয় কিন্ত্তু বদৰুদ্দিন আজমল জাতিৰ লগতে বিজেপিৰ বাবেও প্ৰত্যাহ্বান ৷ বদৰ উদ্দিনে সভ্যতা সংস্কৃতি ধ্বংস কৰিছে ।’ এই মন্তব্য অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ডাঃ হিমন্ত বিশ্ব শর্মাৰ ।

উল্লেখযােগ্য যে, আজি কাৰবি আংলং জিলাব ডিফু আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ দুয়ােগৰাকী বিজেপি দলৰ প্রার্থী বিদ্যাছিং ইংলেং আৰু দৰছিং ৰংহাঙে ডিফুৰ জিলা উপায়ুক্তৰ কার্যালয়ত মনােনয়ন দাখিল কৰাৰ পুর্বে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰ প্রাংগণত অনুষ্ঠিত কৰা এক বিশাল ৰাজহুৱা সভাত উপস্থিত হােৱা কেইবা সহস্ৰাধিক লােকক সম্বোধন কৰি প্রদান কৰা ভাষণত মন্ত্রীগৰাকীয়ে কংগ্রেছ দল আৰু এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলক কঠোৰ ভাষাৰে সমালােচনা কৰি এই মন্তব্য কৰে।

মন্ত্ৰী গৰাকীয়ে আজমলৰ জোঁঠা পানী চৰবাসীয়ে খোৱাৰ দৰে কংগ্ৰেছ দলৰ ৰিপুণ বৰাও খাব খুজিছে বুলি কটাক্ষ কৰে ৷ কংগ্ৰেছে বদৰুদ্দিন আজমলৰ নেগুৰত ধৰি নিৰ্বাচনী বৈতৰণী পাৰ হব খুজিছে ৷ বটদ্ৰৱা সত্ৰৰ ভূমি বেদখলৰ পৰা আৰম্ভ কৰি মিঞা স্কুল খুলি মিঞা কবিতা লিখি অসমৰ জাতীয় জীৱনৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে আজমল বাহিনী ৷ সেয়ে আজমল বাহিনীক সহজ নহয় চিৰিয়াছ বাবেই লব লাগিব বুলি সংবাদ মাধ্যমৰ মন্তব্য কৰে বিজেপিৰ বাকপটু মন্ত্ৰী গৰাকীয়ে ৷

কংগ্রেছ দলক সম্প্রতি এক অস্থিত্বত্বহীন দল বুলি অভিহিত কৰি দলটোক নচলা পাঁচশ টকাৰ নােট তথা পাম্প নােহােৱা ফুটবলৰ সৈতে তুলনা কৰি বদৰউদ্দিন আজমল নেতৃত্বধীন এআইইউডিএফ দলৰ সৈতে হােৱা মিত্রতাক সমালােচনা কৰি বদৰুদ্দিন আজমলে চৰকাৰ গঠনৰ সুযােগ পালে কাৰবি আংলঙৰ বিষয়ে চিন্তা কৰিব নে কাৰ কথা চিন্তা কৰিব সেয়া বুজাই ক’ব লাগিব নেকি বুলি প্রশ্ন কৰে। জনাকীর্ণ সভাখনত ভাষণ প্রদান কৰি মন্ত্রীগৰাকীয়ে শেহতীয়াকৈ ডিফু নগৰৰ বিশেষ উন্নয়ন, ৰাস্তা ঘাটৰ ব্যাপক উন্নয়ন হােবা বুলি দাবী কৰি কংগ্রেছ দীঘলীয়া শাসনকালত সম্ভৱ নােহােৱা ষ্টেডিয়াম, ইনডৰ স্টেডিয়াম, সাংস্কৃতিক প্রকল্প আদি নির্মাণ হােৱাৰ কথা উল্লেখ কৰে।

বিজেপিৰ শাসনতে পাহাৰীয়া জিলাখনত শাস্তি, বিশ্বাস আৰু নতুন আনন্দৰ পৰিৱেশ সুষ্টি হােৱা বুলি দাবী কৰি জিলাখনৰ সশস্ত্র সংগঠনসমূহৰ সৈতেও সম্প্রতি কেন্দ্রীয় চৰকাৰৰ শাস্তি আলােচনা প্রক্রিয়া অব্যাহত থকা বুলি অৱগত কৰে।

কিছুদিন পূর্বে মন্ত্ৰী শৰ্মাই নিজেই কেন্দ্রীয় গৃহমন্ত্ৰীৰ সৈতে বিদ্রোহী সংগঠনসমূহক সাক্ষাৎ কৰোৱাৰ লগতে উক্ত আলােচনাত জিলাখনৰ দীর্ঘদিনীয়া ৰাজনৈতিক দাবী ২৪৪(ক)ৰ ৰূপায়ণ, কার্বি ভাষাক ৰাজ্য ভাষাৰ মর্যাদা প্রদান, স্বায়ত্বশাসিত পৰিষদৰ আসন বৃদ্ধি, পৰিষদত সকলাে জাতি-জনগােষ্ঠীৰ প্রতিনিধিত্ব, অর্থনৈতিকভাবে গুৰুত্বপূর্ণ পথ, সীমান্ত এলেকাৰ পথসমূহৰ নির্মাণ আদি সকলাে বিষয় সন্দর্ভত আলােচনা কৰা হােৱা বুলি মন্ত্রীগৰাকীয়ে কয়৷ এই সন্দর্ভত ভাল ফলাফল আশা কৰিব পাৰি বুলি
কয়।

জিলাখনত চেমচনছিং ইংতিৰ নামতে এখনি ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ লগতে বিমান বন্দৰ নিৰ্মাণ কৰি জিলাখনক এখন জাকত জিলিকা জিলা হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে বিজেপি চৰকাৰ সংকল্পবদ্ধ বুলি কয় ৷কংগ্রেছৰ আমােলত তেতিয়াৰ মন্ত্রী খৰছিং ইংতিয়ে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰিছিল বুলি কয় ৷ মন্ত্ৰী ছুম ৰংহাঙক তীব্ৰ কটাক্ষ কৰি মন্ত্ৰী গৰাকীয়ে কয়যে, ছুম ৰংহাঙে কাৰবি আংলঙ স্বায়ত্ত শাসিত পৰিষদৰ বাবে মন্ত্ৰীত্ব কালত একোৱেই নকৰিলে, পূঁজী মুকলিৰ ফাইল মন্ত্ৰী গৰাকীৰ টেবুলতে ছমাহ পর্যন্ত পৰি থকাৰ বাবে বহু সমস্যাৰ সৃষ্টি হােৱা বুলি মন্তব্য কৰি দলত টিকট নােপােৱাৰ পিছতেই ৰংহাং আজমলৰ বোকোচাত উঠিল বুলি মন্তব্য কৰে।

ভাষণ প্রসংগত বােকাজানৰ বিধায়ক ডাঃ নােমল মমিনক বিগত কার্যকলাৰ প্রদর্শনৰ বাবে ভূয়সী প্রশংসা কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ পাৰ্বত্য জিলাৰ চাৰিওখন সমষ্টিত বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থীক ৰাইজে বিপুল ভোটত জয়যুক্ত কৰাব বুলি কয় ৷ অনাগত দিনত জিলাখনত উন্নয়নৰ বৰষুণ হব বুলিও মন্ত্রীগৰাকীয়ে লগতে আশা প্রকাশ কৰে। সভাখনত কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং,সাংসদ হৰেণছিং বে’, জিলা বিজেপিৰ সভাপতি ধনছিং টেৰণ, আটাইকেইগৰাকী দলীয়প্রার্থী উপস্থিত থাকে।

আনহাতে ডিফুত আজি এএছড়িচি দলৰ হাওৰাঘাটৰ প্রার্থী চন্দ্রকান্ত তেৰাঙ,বােকাজান সমষ্টি এএছডিচি দলৰ প্রার্থী ৰাজেন্দ্র ৰংপি, বোকাজান মহকুমাধিপতিৰ কার্যালয়ত মনােনয়ন পত্র দাখিল কৰে। অর্ধ সহস্রাধিক লােকৰ অংশগ্রহণেৰে শুকানজানৰ পৰা শােভাযাত্রা কৰি চিপিআই (এমএল) হিলছৰ আমলং ইংতিয়েও আজি বােকাজানৰ মহকুমাধিপতিৰ ওচৰত
মনােনয়ন পত্র দাখিল কৰে।

পশ্চিম কাৰবি আংলং উপায়ুক্ত কাৰ্যালয়ত সম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সমৰ্থিত এএছডিচিৰ প্ৰাৰ্থী ছাৰছিং ইংলেঙেও সমৰ্থক সহ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে ৷

Exit mobile version