কংগ্ৰেছ পাৰ্থী চুম ৰংহাং আৰু সঞ্জীৱ টেৰণৰ মনোনয়ন পত্ৰ দাখিল

WhatsApp Image 2021 03 12 at 8.04.05 PM

কংগ্ৰেছ দলৰ ১৯ নং ডিফু বিধানসভা সমষ্টিৰ পাৰ্থী চুম ৰংহাং আৰু ১৮ নং হাওৰাঘাট বিধানসভা সমষ্টিৰ পাৰ্থী সঞ্জীৱ টেৰনে শুকুৰবাৰে বিশাল সমদল কৰি ডিফু জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে।

মনোনয়ন দাখিল কৰাৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত সদ্যত্যাগী তথা কংগ্ৰেছৰ পাৰ্থী ঢুম ৰংহাঙে কয় যে, কাৰ্বি আংলং স্বায়ত্ব পৰিষদত তুলিৰাম ৰংহাঙে ব্যাপক লুন্ঠন আৰু একনায়ক্তবাদ চলাই আছে। হিমন্ত বিশ্ব শৰ্মাই তেঁওক অদক্ষ আখ্যা দিয়াক লৈ প্ৰতিক্ৰিয়া কৰি কয়, ‘মই আৰু জয়ৰাম ইংলেং নোহোৱা হ’লে কাৰ্বি পাহাৰত কোনো দিনে পদুম ফুল নুফুলিল হয়। অবাধ হাৰত লুণ্ঠন চলোৱাত হেঙাৰ ভয়ত একাষৰীয়া ষড়যন্ত্ৰ চলালে ।’

কংগ্ৰেছ দলৰ বিধায়ক হিচাপে কাৰ্বি আংলঙত ষষ্ঠ অনুসূচীৰ ক্ষমতা পুণৰুদ্ধাৰ চেষ্টা চলাব বূলিও ৰংহাঙে মন্তব্য কৰে।

অন্তিম দিনটোত হাওৰাঘাট সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সঞ্জীৱ টেৰণেও মনোনয়ন দাখিল কৰি কয় দূৰ্নীতি আৰু নিবনুৱা সমস্যা সমাধান কৰাৰ ইচ্যু লৈ ৰাইজৰ কাষলৈ যাম।

Exit mobile version