নেটফ্লিক্সৰ ‘বোম্বাই বেগমছ’ ছিৰিজৰ সম্প্ৰচাৰ বন্ধ কৰিবলৈ আবেদন জনালে ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগে

bombay begums 1200

নেটফ্লিক্সৰ ছিৰিজ ‘বোম্বাই বেগমছ’ৰ সম্প্ৰচাৰ বন্ধ কৰাৰ বাবে আবেদন জনালে ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগে ।অভিযোগৰ মতে,ৱেব ছিৰিজখনে শিশুসকলক অনুপযুক্তভাবে দেখুৱাইছে ।

যোৱা বৃহস্পতিবাৰে নেটফ্লিক্সৰ পৰা এক বিতং প্ৰতিবেদন বিচাৰিছিল। তেওঁলোকে কৈছিল যে যদি প্ৰতিবেদনটো ২৪ ঘণ্টাৰ ভিতৰত আইটিটি প্লেটফৰ্মত দাখিল নকৰে তেনেহলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ মতামত যে এই ছিৰিজখনত শিশুৰ অনুপযুক্ত দৃশ্যকৰণে শিশুৰ মন নষ্ট কৰিব পাৰে। তেওঁলোকে এইটোও অনুভৱ কৰে যে এনে দৃশ্যবোৰে শিশু নিৰ্যাতন আৰু শোষণ ত্বৰান্বিত কৰিব পাৰে।

এই ছিৰিজখনত নাবালকসকলৰ যৌন আৰু ড্ৰাগ সেৱন কৰা স্বাভাৱিক বুলি দেখুৱাইছে। আয়োগে অভিযোগৰ ওপৰত ভিত্তি কৰিয়েই নেটফ্লিক্সৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।

জাননীত, আয়োগে লিখিছে যে নেটফ্লিক্সত শিশু বা শিশুৰ বাবে যিকোনো সমল দেখুৱাওঁতে সতৰ্ক হ’ব লাগে বা এনে সমস্যা পৰিহাৰ কৰিব লাগে।

বোম্বাই বেগামছৰ কাহিনী মুম্বাই চহৰ সমাজৰ বিভিন্ন শ্ৰেণীৰ মহিলাৰ জীৱন দেখুৱা হৈছে। অলংক্ৰিতা শ্ৰীবাস্তৱৰ দ্বাৰা পৰিচালিত কৰা হৈছে এই ৱেব ছিৰিজখন।

Exit mobile version