★তেজপাতে পাচন তন্ত্ৰ সৱল কৰে ,বদহজম, বেয়া উগাৰ অহা ,অৰুচী,আদি দুৰ কৰে । পেটৰ মন্দাগ্নি, গেচ (বায়ু) পিত্ত , দুৰ কৰাৰ লগতে অখাদ্য গ্ৰহনৰ পৰা হবলগা ৰোগ প্ৰতিৰোধ কৰে ।
★বহুমুত্ৰ ৰোগীৰ বাবে তেজপাত অতি উপকাৰী ।
★তেজপাত সিজোৱা পানীত আদা ,সন্ধা নিমখ বা ক’লা নিমখ দি খাব ।
★কাহ চৰ্দি হাপানি , স্বৰভংগ (মাতভঙা) এলাৰ্জী ৰোগত তেজপাত , তুলসী, আদা বা শোথ ,পিপলী ,গুড় বা চেনী সহ বেচিকৈ উতলাই চাহৰ নিচিনা দিনে দুই তিনি বাৰ খালে উপসম হয় ।
★ কিডনী ৰ ৰোগ বা পাথৰী ৰোগত তেজপাতৰ চাহ বা উতলোৱা পানী খোৱাতো উপকাৰী ।
★তেজপাত ভিজোৱা পানীৰে চকু ধুলে জলা পোৰা ভাল হয় ।
★দাঁতৰ ৰোগত সিজোৱা পানীৰে কুলু কুলু কৰিলে দাঁতৰ ৰোগ নিৰাময় হয় ।
★ হৃদয় ৰোগ বা হৃদ যন্ত্ৰ দুৰ্বল বা বুকুৰ ধপধপনি কৰা, সোনকালে ভাগৰি যোৱা ব্যক্তিৰ বাবে তেজপাত যথেষ্ঠ উপকাৰী ।
★অনিদ্ৰা ৰোগত তেজপাতৰ ব্যৱহাৰ অতি উত্তম ।
★মুৰৰ বিষ , গাথিবিষ’ বা অন্নান্য বিষত তেজপাতৰ চাহ খোৱাৰ লগতে তেজপাত আৰু এৰাপাত বতি লেপ লগালে উপসম হয় ।
★চুলিৰ নানা সমস্যা ওকনী আদিতো তেজপাতৰ ৰস বা উতলোৱা পানী সানি কিছুসময় বান্ধি ৰাখিলে সমস্যা দুৰ হয়
★ তেজপাত উতলোৱা পানী চতিয়ালে কীটপতঙ্গ কমে । বায়ু বিশুদ্ধ কৰে