বিগত কে’বামাহ ধৰি ভাৰতৰ বজাৰত সােণৰ মূল্য হ্রাস অব্যাহত আছে। ৯৯.৫ শতাংশ বিশুদ্ধ ২২ কেৰেটৰ সোণৰ ১০ গ্ৰামৰ মূল্য সম্প্রতি ৪৫,২৭০ টকালৈ হ্রাস পালে। উল্লেখ্য যে ভাৰতৰ বজাৰত কে’বামাহ পূর্বে ২২ কেৰেটৰ প্রতি ১০ গ্রাম সোণৰ মূল্য ৫৫,৯০১ টকালৈ বৃদ্ধি পাইছিল।
অর্থাৎ বিগত কেইমাহৰ পাছত দেশত সােণৰ মূল্য ১৯ শতাংশ হ্রাস পালে। দৰাচলতে সােণক বিশ্বজুৰি এক সুৰক্ষিত বিনিয়ােগৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হয় আৰু ক’ভিড ভাইৰাছৰ সংক্ৰমণৰ সময়ত বিনিয়ােগকাৰীসকলে অধিক পৰিমাণত সােণ ক্ৰয় কৰাৰ ফলত ইয়াৰ মূল্য আকাশলংঘী হৈছিল। কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে আৰু সােণৰ চাহিদা অৱনমিত হােৱাত স্বৰ্ণৰ মূল্যও হ্রাস পাইছে। বিনিয়ােগ বিশেষজ্ঞসকলৰ মতে সােণৰ মূল্য আগন্তুক সময়ত অধিক হ্ৰাসৰ সম্ভাৱনা আছে।