গোসাইগাঁৱৰ কচুৱাত দুই শতাধিক লোকৰ বিজেপি দলত যোগদান

9b85ec5f 1cf4 4d46 bbd4 ef5ed6c371ba

গোসাইগাঁও মহকুমাৰ অন্তৰ্গত পানীজানী খণ্ড -১ (কচুৱাত) বিজেপিৰ গুমা মণ্ডলৰ উদ্যোগত এখন যোগদান কাৰ্যসূচী ৰূপায়ন কৰে। এই যোগদান কাৰ্যসূচীত মূখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক কাৰ্যকৰী সদস্য ৰাজকুমাৰ ব্ৰহ্মৰ লগতে গুমা মণ্ডলৰ সভাপতি নিলেশ্বৰ ৰায়,কচুগাও মণ্ডল সভাপতি সীদ্ধাৰ্থ নাৰ্জাৰী, ফকিৰাগ্ৰাম মণ্ডল সভাপতি মনোজ কুমাৰ ৰায়ৰ লগতে নেতা-কর্মীসকল।

আজিৰ এই যোগদান কাৰ্যসূচীত কংগ্ৰেছ, বি পি এফ আৰু বিভিন্ন ৰাজনৈতিক দল ত‍্যাগ কৰি তিনি শতাধিক পুৰুষ মহিলা আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে। যোগদান কৰা লোক সকলক দলীয় টুপী আৰু আৰণাৰে আদৰাৰ লগতে দলৰ হকে কাম কৰি যাবলৈ সকলোকে আহ্বান জনায় ।

Exit mobile version