নাকৰ সামান্য তলত মাস্ক নমালেই নামিব লগা হ’ব পাৰে বিমানৰ পৰা, লোৱা হ’ব পাৰে আইনী ব্যৱস্থা

142229 enaklpajde 1590998869

কেৱল মুখত মাস্ক থাকিলেই নহ’ব । আপুনি ইয়াক সঠিকভাৱে পিন্ধিব লাগিব। বিমানবন্দৰলৈ প্ৰৱেশৰ সময়ৰ পৰা বিমান উৰণৰ শেষলৈকে সম্পূৰ্ণৰূপে অনুসৰণ কৰিব লাগিব ক’ভিড সংক্ৰান্ত আচৰণবিধি। যদি এই সমূহ নিয়ম পালন নকৰে তেতিয়া হ’লে বিমানবন্দৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়া হ’ব যাত্ৰীক।

সতৰ্কবাণী নাশুনিলে নমাই দিয়া হ’ব বিমানৰ পৰা লগতে সংশ্লিষ্ট যাত্ৰীজনৰ বিৰুদ্ধে আইনী ব্যৱস্থাও গ্ৰহণ কৰা হ’ব পাৰে। শনিবাৰে এই নিৰ্দেশ জাৰি কৰিছে অসামৰিক বিমান পৰিচালনা বিভাগৰ সঞ্চালকে । নিৰ্দেশনাত কোৱা হৈছে কিছুদিন কৰ্তৃপক্ষই লক্ষ্য কৰিছে যে বহুতো যাত্ৰীয়ে ক’ভিড নিয়মসঠিকভাৱে অনুসৰণ কৰা নাই।

বিমানবন্দৰত প্ৰৱেশ কৰোঁতে তেওঁলোকে সঠিকভাৱে মাস্ক পৰিধান কৰা নাই। বহুতে নাকৰ তলত মাস্ক পিন্ধি বিমানবন্দৰলৈ মুক্তভাৱে ভ্ৰমণ কৰি আছে। আনকি বিমানত থকা কিছুমান যাত্ৰীয়েও মাস্ক সঠিকভাৱে পৰিধান কৰা নাই। সামাজিক দূৰত্ব বজাই ৰখাৰ নিৰ্দেশনাও গ্ৰহণ কৰা নাই। ক’ভিড নিয়মৰ বাবে মাস্ক পিন্ধাটো বাধ্যতামূলক।

কিন্তু তেওঁলোকে সঠিকভাবে মাস্ক পৰিধান নকৰি নাকৰ তলত সামান্য মাস্কখন ৰাখিছে। বিমানৰ ভিতৰত যদি কোনো যাত্ৰীয়ে সঠিকভাৱে মাস্ক নাপিন্ধে বা সামাজিক দূৰত্ব বজাই ৰখা লগতে অন্যান্য ক’ভিড নিয়ম অনুসৰণ নকৰে তেন্তে বিমানত থকা সেই যাত্ৰীজনক ‘অবাঞ্ছিত যাত্ৰী’ বুলি ঘোষণা কৰা হ’ব। কোৱা হৈছে যে বিমানবন্দৰত মোতায়েন কৰা চিআইএছএফ বা আৰক্ষীয়ে ক’ভিড নিয়ম পালন নকৰা যাত্ৰীসকলক সতৰ্ক কৰিব।

যদি তেওঁলোকে সতৰ্কবাণী পালন নকৰে তেন্তে ব্যৱস্থা লোৱা হ’ব। নিৰ্দেশনাত কোৱা হৈছে যে ক’ভিড নিয়মবোৰ বাধ্যতামূলকভাৱে মানি চলাৰ বিষয়টো বিমানবন্দৰ পৰিচালক বা টাৰ্মিনেল মেনেজাৰ দায়বদ্ধ থাকিব। যদি বিমানত সঠিকভাৱে মাস্ক পৰিধান নকৰে তেন্তে এজন যাত্ৰীক প্ৰথমে সতৰ্ক কৰা হ’ব। যদি তেওঁ এইটো মানি নলয়, তেওঁক বিমানৰ পৰা উলিয়াই দিয়া হ’ব।

নিৰ্দেশনাসমূহে এইটোও কয় যে যদি বিমানখন আকাশত থাকে, অসামৰিক বিমানৰ নিয়মৰ অধীনত অবাঞ্ছিত যাত্ৰীৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে।

Exit mobile version