বেজ’ছ-মাস্ককো অতিক্রম : দুমাহত ১৬.২ বিলিয়ন ডলাৰৰ পৰা বৃদ্ধি পালে ৫০ বিলিয়ন ডলাৰলৈ

সবাতােকৈ দ্রুতগতিত সম্পত্তি বৃদ্ধি ভাৰতীয় উদ্যোগপতি আদানীৰ

76243252

চলিত বর্ষত ভাৰতীয় উদ্যোগপতি গৌতম আদানীৰ সম্পত্তিৰ পৰিমাণ যি হাৰত বৃদ্ধি পাইছে,বিশ্বৰ আন কোনাে অবুৰ্দপতিৰ সম্পত্তি সেই হাৰত বৃদ্ধি পােৱা নাই। দ্রুত সম্পত্তি বৃদ্ধিৰ ক্ষেত্ৰত আদানীয়ে টেছলাৰ এলন মাস্ক আৰু এমেজনৰ জেফ বেজ’ছকো অতিক্ৰম কৰিলে।

দৰাচলতে বন্দৰৰ পৰা আৰম্ভ কৰি শক্তি খণ্ডলৈকে আদানীয়ে কৰা বৃহৎ ধন বিনিয়ােগৰ জৰিয়তে তেওঁৰ সম্পত্তিৰ পৰিমাণ অতি কম সময়ৰ ভিতৰত বিশ্বৰ ভিতৰতে সর্বাধিক বৃদ্ধি হৈছে। ব্লুমবর্গ বিলিয়নেৰ ইনডেক্সৰ তথ্য অনুসৰি ২০২১ৰ এই সময়ছােৱাত আদানীৰ সম্পত্তি ১৬.২ বিলিয়ন ডলাৰৰ পৰা বৃদ্ধি পাই ৫০ বিলিয়ন ডলাৰ হ’লগৈ।

এই সময়ছােৱাত আদানীয়ে বেজ’ছ আৰু মাস্কক পৰাভূত কৰি সৰ্বাধিক সম্পত্তি আহৰণৰ অভিলেখ ৰচিলে। চলিত বৰ্ষত আদানী গ্রুপৰ এটা ষ্টকৰ বাহিৰে আন সকলােতে ৫০ শতাংশৰ অধিক বৃদ্ধি প্রত্যক্ষ হৈছে। আদানী ট্রেন্সমিচন লিমিটেডত ৭৯ শতাংশ, আদানী টুটেল গেছ লিমিটেডৰ ৯৬ শতাংশ, আদানী ইণ্টাৰপ্ৰাইজেছৰ ৯০ শতাংশ, আদানী পাৱাৰ লিমিটেড আৰু আদানী পৰ্টছ এণ্ড স্পেচিয়েল ইকনমিক জনছ লিমিটেডৰ ৫২ শতাংশ ষ্টক এই সময়ছােৱাত বৃদ্ধি পালে।

Exit mobile version