টুইটাৰ, ফেচবুক বা কোনো সামাজিক মাধ্যমৰ কৰ্মীকে কাৰাবাসৰ হুমকি দিয়া নাই, কেন্দ্ৰৰ দাবী

social media mobile icons snapchat facebook instagram ss 800x450 3 800x450 1

দেওবাৰে কেন্দ্ৰই জনায় যে, সামাজিক মাধ্যমৰ কোনো কৰ্মীকে হুমকি দিয়া নাই । ফেচবুক, টুইটাৰ, হোৱাটছএপ্ আদি সামাজিক মাধ্যমৰ কৰ্মীসকলক কাৰাবাসৰ হুমকি দিয়াৰ অভিযোগ উত্থাপন হয় কেন্দ্ৰৰ বিৰুদ্ধে ।

সেই অভিযোগ খাৰিজ কৰি কেন্দ্ৰীয় তথ্যপ্ৰযুক্তিয়ে দাবী কৰে যে, তেওঁলোকে কেতিয়াও এনে মন্তব্য কৰা নাই । লগতে, মন্ত্ৰণালয়ে স্মৰণ কৰি দিয়ে যে, আন সংস্থাবোৰৰ দৰে সকলো সামাজিক মাধ্যমে ভাৰতৰ আইন আৰু সংবিধান মানি চলিব লাগিব ।

মন্ত্ৰণালয়ে জনায় যে, সংসদত জনোৱা হৈছে, সামাজিক মাধ্যমৰ গ্ৰাহকসকলে চৰকাৰ, প্ৰধানমন্ত্ৰী বা যিকোনো মন্ত্ৰীৰ সমালোচনা কৰিব পাৰিব । কিন্তু, সামাজিক মাধ্যমত হিংসা, ভেদাভেদ আৰু সন্ত্ৰাসবাদক উচতনি দিব নোৱাৰিব ।

কৃষক আন্দোলন সন্দৰ্ভত টুইটাৰ ব্যৱহাৰ কৰি বহুতেই চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছে । এই বিষয়ত কেন্দ্ৰই অভিযোগ উত্থাপন কৰিছিল যে, সামাজিক মাধ্যমৰ ব্যৱহাৰ কৰি ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ পৰিকল্পনা কৰা হৈছে । ফলত বহু টুইটাৰ একাউণ্ট বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হয় ।

চৰকাৰৰ নিৰ্দেশ আৰু তথ্যপ্ৰযুক্তি আইন অৱমাননা কৰিছে বুলি টুইটাৰক সতৰ্ক কৰে কেন্দ্ৰই । ইয়াৰ পাছতেই চৰকাৰৰ বিৰুদ্ধে সামাজিক মাধ্যমৰ কৰ্মীসকলক কাৰাবাসৰ হুমকি দিয়াৰ অভিযোগ উত্থাপিত হয় । আজি চৰকাৰে স্পষ্ট কৰি দিয়ে যে, কেন্দ্ৰই লিখিত বা মৌখিক কোনো ভাৱেই সামাজিক মাধ্যমৰ কৰ্মীসকলক কাৰাবাসৰ হুমকি দিয়া নাই ।

Exit mobile version