ডালচেনিৰ চমৎকাৰী গুণ

cinnamon feat 1

★উচ্চ ৰক্তচাপত ই মহৌষধস্বৰূপে কাম কৰে। নিতৌ খালীপেটত আধাচামুচ ডালচেনিৰ গুড়ি এক কাপ গৰমপানীৰ স’তে নিয়মিত দুই তিনি মাহ খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হয়।

★টিবি, হাপানি,এজমা বা যিকোনো এলাৰ্জীজনিত আৰু শ্বাসজনিত ৰোগত ই মহৌষধ।

★ডালচেনিয়ে মেদবহুলতা হ্ৰাস কৰে।

★মধুমেহ ৰোগত ডালচেনি অতি উপকাৰী।

★ডালচেনি মৌৰ স’তে খালে ধমনীত কলেষ্টৰেল জমা হব নোৱাৰে, ফলত হাৰ্টএটেকৰ সম্ভাৱনা কমি থাকে।

★ডালচেনিয়ে দেহত হোৱা প্রদাহ কম কৰি আৰু হিষ্টামিন দ্ৰব্যৰ বিক্ৰিয়াৰ লগত যুঁজি সাধাৰণতে হোৱা এলার্জিবিলাকৰ আৰোগ্যত সহায় কৰিব পাৰে। এই গুণৰ কাৰণে ডালচেনিয়ে এজমা ৰোগৰ আক্রমণ কম কৰিব পাৰে।

★ডালচেনিৰ এণ্টিবায়’টিক আৰু এন্টি মাইক্ৰ’বায়েল গুণ থকাৰ বাবে ই ছালক জ্বলন, উখহি ৰঙা পৰা, এলাৰ্জিৰ বিক্ৰিয়া আৰু সংক্ৰমণ আদিৰ পৰা ৰক্ষা কৰিব পাৰে। ডালচেনিৰ সুগন্ধি তেল ছালত লগাই প্রদাহ, উখহা, বিষ আৰু ছাল ৰঙা পৰা কমাব পাৰি। ডালচেনি মৌৰ লগত মিহলাই ছালত সানিলে ছাল স্বাস্থ্যৱান হৈ থাকে আৰু শালমইনা হোৱাৰ পৰা ৰক্ষা কৰে।

★ডালচেনি হ’ল এটা প্ৰাকৃতিক এন্টি মাইক্ৰ’বায়েল, এণ্টিবায়’টিক, ভেঁকুৰ প্রতিষেধক আৰু ভাইৰাছ প্ৰতিষেধক দ্রব্য। ডালচেনিৰ সুগন্ধি তেলে দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিব পাৰে। কিছুমান গৱেষণাই জনাইছে যে ডালচেনিয়ে এইছ আই ভি ভাইৰাছৰ সংস্পৰ্শৰ ভয়াৱহতাও কম কৰিব পাৰে।

Exit mobile version