খাদ্য-ইন্ধন সংকট, উদ্বিগ্ন ম্যানমাৰ

117575685 tv066222391

নিৰাপত্তা বাহিনীৰ স’তে সংঘৰ্ষত ম্যানমাৰৰ মহিলা আৰু শিশুসহ মুঠ ১৩৮ জনৰ মৃত্যু হৈছে বুলি জনায় ৰাষ্ট্ৰসংঘই । দেওবাৰে দিনটোতে ম্যানমাৰত ৫০‌জন প্ৰতিবাদকাৰীৰ মৃত্যু হয় । ম্যানমাৰৰ শান্তিপূৰ্ণ প্ৰতিবাদকাৰীসলৰ ওপৰত হিংসাত্মক ঘটনা বিগত সপ্তাহত অত্যধিক মাত্ৰাত বৃদ্ধি পাইছে । সোমবাৰে নিৰাপত্তা বাহিনীৰ গুলীত ২০ জনৰ মৃত্যু হয় ।

এটা মানৱ অধিকাৰ সংগঠনে জনায় যে, সোমবাৰে নিহত হোৱা সকলৰ ভিতৰত অধিকাংশই প্ৰতিবাদকাৰী আছিল যদিও, প্ৰতিবাদত অংশ নোলোৱা বহু লোকেও প্ৰাণ হেৰুৱাইছে । কালি নিৰাপত্তা বাহিনীৰ গুলীত গৃহত থকা দুগৰাকী মহিলা নিহত হয় ।

এই পৰিস্থিতিত দক্ষিণ -পূৱ এছিয়াৰ দেশখনত খাদ্য আৰু ইন্ধনৰ মূল্য বৃদ্ধিক লৈও উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই । তেওঁলোকে ‌জনায় যে, ম্যানমাৰত নিত্য প্ৰয়োজনীয় খাদ্য-শস্যৰ মূল্য অত্যধিক হাৰত বৃদ্ধি পাইছে । কিছুসংখ্যক স্থানত ২৫ৰ পৰা ৩০ শতাংশ মূল্য বৃদ্ধি পাইছে ।

Exit mobile version