বিগত দুবছৰত দেশত ছপা হােৱা নাই এখনাে দুহেজাৰটকীয়া নােট

rs 2000 1546512242

বিগত দুবছৰ ধৰি দুহেজাৰটকীয়া নােট ছপােৱা নাই কেন্দ্রীয় চৰকাৰে। লােভাত এই কথা প্রকাশ কৰিলে কেন্দ্রীয় বিত্তীয় মন্ত্রণালয়ৰ ৰাজ্যমন্ত্রী অনুৰাগ ঠাকুৰে ৷

এক লিখিত বিবৃতিত ঠাকুৰে সদনক জনােৱা মতে, দেশত সম্প্রতি ২৪,৯৯০ লাখখন দুহেজাৰটকীয়া নােট প্রচলনত পাছত দেশৰ মুঠ প্রচলিত নােটৰ সংখ্যাৰে বিচাৰ কৰিলে ই হ’ব ২.০১ শতাংশ।

তিনি বছৰ পূর্বে প্রায় ৩৩৬২০ লাখ দুহেজাৰ টকাৰ নােট ৰিজাৰ্ভ বেংকে বজাৰত মুকলি কৰিছিল। অর্থাৎ বিগত তিনি বছৰত দেশত প্রচলিত দুহেজাৰ টকাৰ নােটৰ সংখ্যা হ্রাস পালে। ২০১৯ আৰু ২০২০ বৰ্ষত কেন্দ্রীয় চৰকাৰে দুহেজাৰটকীয়া নােট ছপা কৰা নাই।

Exit mobile version