হাউলীত নগদ ৫৮,৫০০ টকা আৰু ২৫ লিটাৰ দেশীয় সুৰা জব্দ

rupee shutterstock 1035119998 1 770x433 1

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত নিৰ্বাচনী বিধি উলংঘা কৰি প্ৰয়োজনীয়তাৰ বাহিৰে ৫০ হেজাৰৰ অধিক নগদ ধন কঢ়িওৱা লোকৰ বিৰুদ্ধে ফ্লাইং স্কোৱাডে ৰাজ‍্যৰ অন‍্য প্ৰান্তৰ লগতে হাউলীতো তালাচী অভিযান অব‍্যাহত ৰাখিছে। কালি নিশা হাউলীত আৰক্ষী আৰু ফ্লাইং স্কোৱাডৰ যুটীয়া অভিযানত নগদ ৫৮,৫০০ টকা জব্দ হয় ।

জব্দ কৰা টকাখিনি হাউলী থানাৰ অন্তৰ্গত হাতীজানা গাঁৱৰ মহম্মদ ছাইদুৰৰ বুলি জানিব পৰা গৈছে। টকাখিনিৰ উৎস সন্দৰ্ভত কোনো সঠিক তথ্য দাখিলত ব্যৰ্থ হোৱাত জব্দ কৰে । জব্দকৃত টকাখিনি বৰপেটা কোষাগাৰত জমা কৰাৰ যাৱতীয় প্ৰক্ৰিয়া হাতত লৈছে ।

ইপিনে, হাউলী আৰক্ষীয়ে আৰু আবকাৰী বিভাগৰ লগত হাউলীৰ বসাকপাৰাত চলোৱা অভিযানত ২৫ লিটাৰ দেশীয় সুৰা জব্দ কৰে। উক্ত দেশীয় সুৰাখিনি গৰাকী বিহীন ভাৱে এখন টেম্পুত কঢ়িয়াই আনিছিল ।

Exit mobile version