ভাৰতৰ গণতান্ত্ৰিক পৰিৱেশৰ অৱনতিঃ পত্ৰৰ জৰিয়তে উদ্বেগ প্ৰকাশ আমেৰিকাৰ ছিনেট সদস্যৰ

shutterstock 1071810719.width 800

আজি ভাৰত ভ্ৰমণত আহিব মাৰ্কিন সামৰিক সচিব লয়েড জে অষ্টিন । বাইডেন প্ৰশাসনৰ সদস্যজনে ভাৰতত অহাৰ পূৰ্বেই আমেৰিকাৰ ছিনেটে ভাৰতৰ গণতান্ত্ৰিক পৰিৱেশক লৈ উদ্বেগ প্ৰকাশ কৰে । ছিনেটৰ সদস্য ৰবাৰ্ট মেনেণ্ডেজে এখন পত্ৰত দাবী জনাইছিল যে, ‘দুই দেশৰ আলোচনাৰ সময়ত যাতে ভাৰতৰ গণতান্ত্ৰিক পৰিৱেশৰ বিষয়টো উত্থাপন কৰা হয় । ভাৰতক গণতান্ত্ৰিক মূল্যবোধ অটুট ৰাখিবলৈ বাৰ্তা প্ৰেৰণ কৰিব লাগিব । কাৰণ, ভাৰত চৰকাৰ ক্ৰমে এই মূল্যবোধৰ পৰা আঁতৰি আহিছে ।’

আমেৰিকাৰ ছিনেটৰ বৈদেশিক সম্পৰ্ক কমিটীৰ মুখ্য মেনেণ্ডেজে পত্ৰত কৃষি আন্দোলনৰ প্ৰসংগও দাঙি ধৰে । তেওঁ লিখে, ‘চৰকাৰে যিদৰে বৰ্তমান প্ৰতিবাদৰত কৃষকসকলৰ আন্দোলন ব্যৰ্থ কৰিবলৈ উঠিপৰি লাগিছে, যিদৰে সাংবাদিক আৰু চৰকাৰৰ সমালোচকসকল সংশয়ত থাকে এই সকলোবোৰে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰ অৱনতি হোৱাৰে ইংগিত দিয়ে । সম্প্ৰতি নাগৰিকত্ব আইনৰ জৰিয়তে দেশৰ মুছলিম সমাজক আতংকিত কৰা বা ৩৭০ ধাৰা বিলোপৰ পাছত চৰকাৰ বিৰোধীসকলৰ স’তে কোনো ধৰণৰ আলোচনা নকৰাকৈ তেওঁলোকক আটক কৰা, এই সকলোবোৰে চিন্তা বঢ়াইছে ।’

বিভিন্ন সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা কৃষক আন্দোলনক লৈ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে ভাৰতে । পপ তাৰকা ৰিহানাই কৃষক আন্দোলন সন্দৰ্ভত কৰা মন্তব্যৰ পাছতে বহু বিতৰ্কৰ সৃষ্টি হয় । চৰকাৰে পপ তাৰকাগৰাকীৰ মন্তব্যৰ বিৰোধিতা কৰে ।

Exit mobile version