ছেৰাম প্ৰসংগত বিনয়ী বৰিছ জনছন

file 20200507 49573 6fm1

ভাৰতৰ চাহিদাক প্ৰাধান্য দি ব্ৰিটেইনৰ অক্সফ’ৰ্ড বিশ্ববিদ্যালয় আৰু অষ্ট্ৰাজেনেকাৰ সূত্ৰত প্ৰস্তুত কৰা কৰ’না প্ৰতিষেধক কমকৈ সৰবৰাহ কৰা ভাৰতীয় সংস্থা ছেৰাম ইনষ্টিটিউটৰ বিৰুদ্ধে এটা শব্দও উচ্চাৰণ নকৰিলে ৰাষ্ট্ৰপতি ব’ৰিছ জনছনে । ফাইজাৰৰ প্ৰতিষেধক সৰবৰাহ সংক্ৰান্ত বিতৰ্কত ইউৰোপীয় ইউনিয়ন (ইইউ)ৰ বিৰুদ্ধে ‘প্ৰতিষেধক জাতীয়তাবাদ’ বুলি মন্তব্য কৰে জনছনে । ইপিনে, ভাৰতীয় সংস্থাৰ কামৰ প্ৰশংসা শুনা গ’ল তেওঁৰ মন্তব্যত ।

ছেৰাম ইনষ্টিটিউটে ব্ৰিটেইনত এপ্ৰিলৰ ভিতৰত প্ৰতিষেধকৰ এক কোটি ড’জ সৰবৰাহ কৰাৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু এতিয়ালৈকে কেৱল ৫০লাখ ড’জহে সৰবৰাহ কৰা হৈছে । উল্লেখ্য যে, অক্সফ’ৰ্ড-অষ্ট্ৰাজেনেকাৰ স’তে বছৰি প্ৰতিষেধকৰ দুশ কোটি ড’জ প্ৰস্তুত কৰিবলৈ চুক্তিৱদ্ধ ছেৰাম ।

ছেৰাম ইনষ্টিটিউটৰ চিইঅ’ আদৰ পুনাৱলাই এই সন্দৰ্ভত জনায়, ‘প্ৰতিষেধক প্ৰস্তুতকৰণত কোনো সমস্যাৰ সৃষ্টি হোৱা নাই । দেশৰ বাহিৰত কিমান প্ৰতিষেধকৰ ড’জ সৰবৰাহ কৰা হ’ব সেয়া নিৰ্ধাৰণ কৰে চৰকাৰে ।’

ফলত তেওঁলোকৰ প্ৰতিষেধকৰ যোগান ধৰোতে সমস্যা হোৱা নাই বুলি তেওঁ মন্তব্য কৰে, ‘মনত ৰখা দৰকাৰ, আমি ব্ৰিটেইনক সহায় কৰাৰ আশ্বাস দিছিলো । প্ৰতিষেধক সৰবৰাহৰ বাবে কোনো ধৰাবন্ধা সময়সীমাৰ প্ৰতিশ্ৰুতি দিয়া নাই । ভাৰতৰ চাহিদাৰ স’তে ভাৰসাম্য অটুট ৰাখি ইতিমধ্যে ৫০ লাখ ড’জ সৰবৰাহ কৰা হৈছে ব্ৰিটেইনত । আমি বাশেষকৈ দুখীয়া দেশসমূহক প্ৰতিষেধক সৰবৰাহ কৰিছো । তেওঁলোকেই এতিয়ালৈকে প্ৰতিষেধকৰ ড’জ লাভ কৰা নাই । সেয়ে ব্ৰিটেইনৰ যি দাবীৰ তথ্য সেয়া ভিত্তিহীন ।’

ইপিনে, প্ৰয়োজন সাপেক্ষে প্ৰতিষেধক সৰবৰাহ কৰিব নোৱাৰিলে অষ্ট্ৰাজেনেকাৰ ফাইজাৰ প্ৰতিষেধক বন্ধ কৰি দিয়া হ’ব বুলি হুংকাৰ দিয়ে ইইউ-এ ।

Exit mobile version