ৰাজ্যত পুনৰ ভয়ংকৰ ৰূপত বিয়পি পৰিছে কৰ’না ভাইৰাছ । আজি মৰাণৰ জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যকৰ্মী যদু চুতীয়াৰ শৰীৰটো পোৱা গৈছে কৰ’নাৰ উপস্থিতি । মৰাণহাট প্ৰেছ ক্লাবৰ সভাপতি যদু চুতীয়াই জানিব দিয়া অনুসৰি, তেওঁ বিগত কিছুদিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল ।
ADVERTISEMENT
বৃক্কজনিত ৰোগত আক্ৰান্ত হোৱাৰ বাবে সাংবাদিকগৰাকীয়ে দীৰ্ঘদিন ধৰি সপ্তাহত দুবাৰকৈ শিৱসাগৰৰ ৰজাবাৰী চিকিৎসালয়ত ডাইলেচিছ কৰি আছিল । কিন্তু আজি পুনৰ ডাইলেচিছৰ বাবে চিকিৎসালয়লৈ যাওঁতে চিকিৎসকে ক’ভিড টেষ্ট কৰাত তেওঁক প’জিটিভ পোৱা যায় । লগে লগে চিকিৎসকে সাংবাদিকগৰাকীক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।