এইবাৰ পৌৰাণিক চৰিত্ৰত ৰণবীৰ !

বাজিৰাওক আগন্তুক চলচ্চিত্ৰত 'সূতপুত্ৰ কৰ্ণ'ৰ ৰূপত দেখিব নেকি ?

MV5BY2VhODJkMmQtOGJmMi00ZmMyLWE4ZjMtMzkyNjkyZmY1MDZmXkEyXkFqcGdeQXVyNTc5OTMwOTQ@. V1

ইতিমধ্যে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙে । বলীউডৰ সংবাদ অনুসৰি, ঐতিহাসিক চৰিত্ৰৰ পাছত ৰণবীৰে এইবাৰ ভৰি দিব পুৰাণত । অভিনয় কৰিব এনে এক চৰিত্ৰৰ যি সৰ্বশ্ৰেষ্ঠ হৈও মহাভাৰতত উপেক্ষিত । মহাবীৰ সূতপুত্ৰ কৰ্ণৰ ভূমিকাত ডাঙৰ পৰ্দাত আহিব তেওঁ । পূজা এণ্টাৰটেইনমেণ্টৰ আগন্তুক চলচ্চিত্ৰ ‘সূৰ্যপুত্ৰ মহাবীৰ কৰ্ণ’ ।

যোৱা মাহত আগন্তুক চলচ্চিত্ৰৰ ম’ছন ল’গ’ প্ৰকাশ কৰিলে বাসু ভাগনানিৰ প্ৰযোজনা সংস্থাই । সংস্থাৰ দাবী, তেওঁলোকৰ আগন্তুক চলচ্চিত্ৰ ভাৰতৰ আটাইতকৈ বৃহৎ বাজেটৰ চলচ্চিত্ৰ । নেট মাধ্যমত প্ৰকাশিত ম’ছন ল’গ’ত দেখা গৈছে কুৰুক্ষেত্ৰৰ যুদ্ধৰ সৰু মূহুৰ্ত । যিটো সম্পূৰ্ণ এনিমেটেড ।

ম’ছন ল’গ’ প্ৰকাশ কৰি বাসুৰ দাবী, পূৰ্বৰ বাজেট বাতিল কৰি নতুন বাজেট কৰা হৈছে । চলচ্চিত্ৰত যাতে একো ত্ৰুটি নাথাকে তাৰ বাবে পূৰ্বতকৈ ব্যয় বৃদ্ধি কৰা হৈছে ।’

তেওঁৰ দাবী, সকলো দৃশ্য জীৱন্ত কৰিবলৈ ভিজুৱেল ইফেক্ট দিয়া হ’ব । চৰিত্ৰৰ কথা শুনি লগে লগে হয় ভৰ দিছে অভিনেতা ৰণবীৰে । বৰ্তমানৰ কাম সম্পূৰ্ণ হ’লেই তেওঁ দলটোৰ স’তে যোগ দিব ।

Exit mobile version