চিৰাঙত এছএছটি আৰু আৰক্ষীৰ যৌথ অভিযানত বুজন পৰিমাণৰ বিলাতী সুৰা জব্দ 

Screenshot 42

চিৰাঙৰ ৩১ নং চিদলী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাসুগাঁও-ছালাকাটি পথত আজি এছএছটি আৰু আৰক্ষীৰ এটা দলে যৌথ অভিযান চলাই বুজন পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে ।

বাসুগাঁও চহৰৰ পৰা ছালাকাটিৰ পিনে গৈ থকা অটোৰিক্সা এখনত তালাচী চলাই অভিযানকাৰী দলটোৱে ছয় কাৰ্টুন সুৰা (৪২ লিটাৰ) জব্দ কৰে । আৰক্ষীৰ তালাচী চলি থকা সময়তে সুৰা কঢ়িয়াই অনা লোকজন পলায়ন কৰে ।

Exit mobile version