বকোত বিধায়িকাৰ বিৰুদ্ধে ক্ষোভ, ভোট বৰ্জনৰ হুংকাৰ

WhatsApp Image 2021 03 26 at 7.08.26 PM

নিৰ্বাচনৰ ঢৌৱে চানি ধৰিছে সমগ্ৰ ৰাজ্য। ভোটাৰৰ ওপৰত আশ্বাসৰ বৰষুণ । এনে সময়তে আজি বকোৰ মাজমজিয়াত বিধায়িকা নন্দিতা দাসৰ বিৰুদ্ধে সৰৱ হ’ল একাংশ ভোটাৰ। পথচোৱা মেৰামতিৰ দাবীত শ্লোগান দি উত্তাল কৰি তুলে প্ৰতিবাদকাৰী ভোটাৰসকলে।

প্ৰতিবাদকাৰী দ্বীপ পাল, নাৰায়ণ ছেত্ৰীয়ে সংবাদ মাধ্যমক জনাই যে, ঘাইপথ সংযোগী পথচোৱা নিৰ্মাণৰ পাছতেই ঠাই বিশেষে ভাঙি গৈছে । যথেষ্ট ঠেক আৰু পথচোৱাৰ চাইদ বাম নাই । যাৰ ফলত প্ৰায়ে পথচোৱাত দুৰ্ঘটনা সংঘটিত হয় । বিধায়িকাগৰাকীয়ে ভোটাৰসকলৰ কাষ আজিলৈকে চপা নাই বুলিও অভিযোগ উত্থাপন কৰিছে।

প্ৰতিবাদস্থলীতে ভোট বৰ্জনৰ হুংকাৰ দিলে ক্ষোভিত ভোটাৰসকলে। অভিযোগ মৰ্মে ১৭নং ৰাষ্টীয় ঘাইপথ সংযোগী শনিবৰীয়া  বজাৰৰ  বিধ্বস্ত পথটোত নিতৌ সংঘটিত হৈছে পথ দুৰ্ঘটনা। পথচোৱাৰ ঠাই বিশেষে খহি যোৱাত যাতায়ত ব্যৱস্থা বিঘ্নিত হৈ পৰিছে। বিভাগীয় কৰ্তৃপক্ষ অথবা বিধায়িকাৰ কোনো ভ্ৰুক্ষেপ নাই বুলি অভিযোগ উত্থাপন কৰিছে ভোটাৰসকলে। পথটো মেৰামতি কৰক অন্যথা ভোট প্ৰদান নকৰাৰ হুংকাৰ দিলে প্ৰতিবাদকাৰী ভোটাৰসকলে ।

Exit mobile version