বলীউডত কৰ’নাৰ প্ৰকোপ, ভাইৰাছত আক্ৰান্ত বিকি কৌশল

Hot HD Wallpapers Of Vicky Kaushal

বলীউডত ক্ৰমশঃ বৃদ্ধি পাবলৈ লৈছে কৰ’না আক্ৰান্তৰ সংখ্যা । পুনৰ কৰ’নাত আক্ৰান্ত আন এজন জনপ্ৰিয় অভিনেতা । আজি ইনষ্টাগ্ৰাম পোষ্টযোগে নিজৰ ক’ভিড সংক্ৰমণৰ বিষয়ে জনায় বিকি কৌশলে ।

তেওঁ ইনষ্টাগ্ৰামত লিখে, ‘সকলো ধৰণৰ নীতি আৰু সাৱধানতা অৱলম্বন কৰাৰ পাছতো মই দুৰ্ভাগ্যবশতঃ কৰ’না আক্ৰান্ত হৈছো । বাধ্যতামূলক নিয়মসমূহ মানি ইতিমধ্যে নিজ গৃহতেই কুৱাৰেণ্টাইনত আছো । চিকিৎসকৰ পৰামৰ্শ মৰ্মে দৰৱো গ্ৰহণ কৰিছো ।’ বিগত কিছুদিনত তেওঁৰ সংস্পৰ্শত অহা সকলকো কৰ’না পৰীক্ষণৰ অনুৰোধ জনা‌য় বিকিয়ে ।

বিগত বৰ্ষত জনপ্ৰিয় অভিনেতাগৰাকীয়ে চলচ্চিত্ৰ ‘ভুত-পাৰ্ট ৱানঃ দ্য হণ্টেড শ্বিপ’ত অভিনয় কৰিছিল । তেওঁক তেওঁৰ পৰৱৰ্তী চলচ্চিত্ৰ ‘ছৰ্দাৰ উধম সিঙ’ত দেখা যাব । লগতে মেঘনা গুলজাৰৰ দ্বাৰা পৰিচালিত জীৱনীভিত্তিক চলচ্চিত্ৰটো দেখা যাব ।

Exit mobile version