বিগত দুদিন ধৰি অৰুণাচল প্ৰদেশত নতুনকৈ ক’ভিড-১৯ আক্ৰান্তৰ সম্ভেদ পোৱা নাই । ৰাজ্যিক ছাৰভিলেন্স বিষয়া (এছএছঅ’) ড° লবছাং জাম্পাই জনায় যে, উত্তৰ-পূৱ ভাৰতৰ ৰাজ্য অৰুণাচলত ১৬,৮৪৯ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছিল আৰু ইয়াৰে ১৬,৭৮৫ জন লোক ইতিমধ্যে ক’ভিডমুক্ত হৈছে ।
ৰাজ্যখনত সম্প্ৰতি আঠজন সক্ৰিয় ক’ভিড ৰোগী আছে আৰু এই পৰ্যন্ত ৫৬ জন লোকে কৰ’না আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।
বিষয়াজনে প্ৰদান কৰা তথ্য অনুসৰি, অৰুণাচলৰ মুঠ সুস্থতাৰ হাৰ হৈছে ৯৯.২ শতাংশ আৰু সংক্ৰমিতৰ হাৰ হৈছে ০.০৪৭ শতাংশ । নিম্ন দিবাং উপত্যকা অঞ্চলত আছে তিনিজন সক্ৰিয় ক’ভিড ৰোগী, তিৰাপত দুজন, পশ্চিম কামেং আৰু উজনি ছুবাংশ্ৰী জিলাত একোজনকৈ লোক কৰ’না আক্ৰান্ত ।