বানত বিপৰ্য্যস্ত ইণ্ডোনেছিয়া, মৃত্যু ৯১

ap indonesia landslied 04Apr21

ঘূৰ্ণিবতাহ ছেৰ’জাৰ কবলত বিপৰ্য্যস্ত ইণ্ডোনেছিয়া আৰু পূৱ টিম’ৰ দ্বীপ । দুয়োখন দেশৰ বিস্তিৰ্ণ অঞ্চল এতিয়া সন্মুখীন হৈছে হৰপ্পা বান আৰু ভূমিস্খলনৰ । আন্তৰ্জাতিক সূত্ৰ অনুসৰি, ইতিমধ্যে দুয়োখন দেশৰে ৯১ জন লোকৰ মৃত্যু হৈছে আৰু বহু লোক নিখোজ হৈ আছে । ইয়াৰে ভিতৰত ইণ্ডোনেছিয়াৰ মৃতক ৭০ জন, নিখোজো ৭০ জন বুলি জনাইছে সংশ্লিষ্ট প্ৰশাসনে । পূৱ টিম’ৰ চৰকাৰী সূত্ৰ অনুসৰি, ইতিমধ্যে টিম’ৰ প্ৰায় ২১ জন লোকে প্ৰাণ ‌হেৰুৱাইছে ।

হৰপ্পা বানৰ ফলত বহু অঞ্চল অনুৰ্বৰ হৈ পৰিছে । বহু স্থানীয় বাসিন্দাৰ মাটিৰ ঘৰ, পকা ঘৰ বানে উতোৱাই লৈ গৈছে ।  প্ৰায় ২০ ফুট উচ্চতাত সমুদ্ৰৰ ঢৌ উঠে । লগতে বৃদ্ধি পাইছে অবিৰাম বৃষ্টিপাত । আগন্তুক ২৪ ঘণ্টা পৰ্যন্ত এই পৰিস্থিতিৰ কোনো পৰিৱৰ্তন নহয় বুলি আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞানীসকলে ।

এই বিপৰ্যয়ত এটা নিশাতেই আশ্ৰয়হীন হৈ পৰিছে বহু লোক । ইতিমধ্যে বহু লোকক উদ্ধাৰ কৰা হৈছে যদিও বহু লোক বিভিন্ন স্থানত আৱদ্ধ হৈয়ে আছে । বতৰ বিজ্ঞানীসকলে জনায় যে, অষ্ট্ৰেলিয়াৰ পশ্চিম উপকূলত বৈ যোৱাৰ বাবে বানৰ তীব্ৰতা বৃদ্ধি পাইছে । সম্প্ৰতি ব্যাপক হাৰত অব্যাহত আছে উদ্ধাৰ কাৰ্য ।

Exit mobile version