কচুগাঁৱত স্বামীৰ আক্ৰমণত পত্নীৰ মৃত্যু, হত্যাকাৰী স্বামীক আটক

Handcuffs crime 1200

গোসাইগাঁও মহকুমাৰ কচুগাঁও থানাৰ অন্তৰ্গত তেৰিপুৰত স্বামীৰ আক্ৰমণত পত্নীৰ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

নিহত মহিলা গৰাকী লক্ষ্মীমনী চৰেন(৩২) বুলি চিনাক্ত কৰা হৈছে ৷ আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰী স্বামী জেনিফাৰ মূৰ্মুক(৩৫) আটক কৰিছে ৷

কালি নিশা প্ৰায় ৮:৩০ বজাত স্বামী-স্ত্ৰীৰ মাজত কিবা কথাক লৈ বাক বিতনণ্ডা হৈ থকাৰ মাজতে স্বামীয়ে পত্নীক আক্ৰমণ কৰে আৰু লগে লগে পত্নীৰ মৃত্যু হয় ৷

জেনিফাৰে নিজে হত্যা কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে ৷ ছয়গৰাকী সন্তানৰ মাতৃৰ মৃত্যুৎ গভীৰ শোকৰ ছাঁ পৰিছে ৷ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষণৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰিছে ৷

Exit mobile version