কৰ’নাৰ বাবে অলিম্পিক্সত ভাগ লোৱাৰ পৰা বিৰত থাকিব উত্তৰ কোৰিয়া

tokyo 2020 olympic games

বিগত বৰ্ষত কৰ’না অতিমাৰীৰ বাবে টকিঅ’ অলিম্পিক্স স্থগিত কৰা হয় । চলিত বৰ্ষৰ জুলাইত আয়োজন কৰা হ’ব বুলি ঘোষণা কৰা হৈছে যদিও উত্তৰ কোৰিয়াই নিজৰ নাম প্ৰত্যাহাৰ কৰে । উত্তৰ কোৰিয়াৰ ক্ৰীড়া মন্ত্ৰণালয়ে জনায় যে, কৰ’না ভাইৰাছৰ পৰা খেলুৱৈসকলক সুৰক্ষা প্ৰদান কৰিবলৈ তেওঁলোকে টকিঅ’ অলিম্পিক্সত অংশগ্ৰহণ নকৰে । এইবাৰ অলিম্পিক্সত বৈদেশিক দৰ্শকসকলৰ বাবেও নিষেধাজ্ঞা জাৰি কৰিছে আয়োজকসকলে ।

২৫ মাৰ্চত উত্তৰ কোৰিয়াৰ ক্ৰীড়ামন্ত্ৰী কিম ইল গুকৰ উপস্থিতিত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । উত্তৰ কোৰিয়াৰ স্বাস্থ্য ব্যৱস্থা সুচল নোহোৱাৰ বাবে তেওঁলোকে বিপদৰ সন্মুখীন হ’ব বিচৰা নাই । দক্ষিণ কোৰিয়াই উত্তৰ কোৰিয়াৰ এই সিদ্ধান্তক সমালোচনা কৰিছে । আয়োজক দেশ জাপানৰ অলিম্পিক মন্ত্ৰী টামায়’ মাৰুকাৱাই এই সন্দৰ্ভত উত্তৰ কোৰিয়াৰ পৰা অধিক তথ্য বিচাৰিছে ।

Exit mobile version