বাফটাৰ মঞ্চত পৰিৱেশনকাৰীৰ দায়িত্ব লাভ কৰিলে প্ৰিয়ংকা চোপ্ৰাই

priyanka chopra 1

বাফটাৰ মঞ্চত পৰিৱেশনকাৰী হিচাপে আমন্ত্ৰণ পালে প্ৰিয়ংকা চোপ্ৰাই । ৭৪তম ব্ৰিটিছ একাডেমী ফিল্ম অৱৰ্ডছৰ ভাৰ্চুৱেল মঞ্চত অন্যতম পৰিৱেশনকাৰী হিচাপে উপস্থিত থাকিব প্ৰিয়ংকা । তেওঁক স্ক্ৰীনত সহযোগ কৰিব টম হিডলষ্টেন, হিউ গ্ৰাণ্ট, চুইটেল এজিঅ’ফ’ৰ, এনা কেণ্ড্ৰিকে ।

ৰাইজিং ষ্টাৰ কেটেগৰিৰ পুৰস্কাৰ পৰিৱেশন কৰাৰ দায়িত্ব প্ৰদান কৰা হৈছে অভিনেত্ৰীগৰাকীক । প্ৰিয়ংকাৰ অন্তিমখন মুক্তিপ্ৰাপ্ত ছবি ‘দ্য হোৱাইট টাইগাৰো’ আছে বাফটাৰ প্ৰতিযোগিতাত । শ্ৰেষ্ঠ অভিনেতাৰ বাবে আদৰ্শ গৌৰৱ আৰু শ্ৰেষ্ঠ অভিযোজিত স্ক্ৰীনপ্লেৰ বাবে লেখক পৰিচালক ৰামিন বাহৰানিক মনোনয়ন কৰা হৈছে । নতুন ছবিখনৰ বাবে প্ৰিয়ংকাই শ্ৰেষ্ঠ স‌হ‌অভিনেত্ৰীৰ দীঘলীয়া তালিকাত স্থান পালেও চুটি তালিকাত বাদ পৰি যায় ।

পৰিৱেশনকাৰীৰ দায়িত্ব লাভ কৰি অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত কয়, ‘এই দায়িত্ব লাভ কৰি ম‌ই খুবেই গৰ্বিত ।’ সম্প্ৰতি নিক জ’নাছৰ স’তে অস্কাৰ মনোনয়নৰ ঘোষণা কৰি সমালোচিত হৈছিল প্ৰিয়ংকা ।

প্ৰিয়ংকাই এই দায়িত্ব লাভ কৰাৰ বাবে যোগ্য হয় নে নহয় তাক লৈও প্ৰশ্ন উত্থাপন হৈছিল । অৱশ্যে প্ৰিয়ংকাই নিজৰ ফিল্ম’গ্ৰাফীৰ তালিকা প’ষ্ট কৰি তাৰ উচিত প্ৰত্যোত্তৰো দিয়ে । আগন্তুক সময়ত বাফটাৰ ভাৰ্চুৱেল অনুষ্ঠান বিবিচিওৱানত লাইভ সম্প্ৰচাৰিত হ’ব । অতিমাৰীৰ বাবে ফেব্ৰুৱাৰীৰ পৰা পিছুৱাই এপ্ৰিলত আয়োজন কৰা হৈছে বাফটা ।

Exit mobile version