১৮ বছৰৰ ঊৰ্ধৰ লােকে নিজ ইচ্ছাত গ্ৰহণ কৰিব পাৰে ধর্ম : উচ্চতম ন্যায়ালয়

800px Supreme Court of India inside bulidings 01

অন্ধবিশ্বাসৰ প্ৰচলন, ক’লা যাদু আৰু অবৈধ তথা বলপূর্বক ধৰ্মৰ পৰিৱৰ্তন দেশত ৰােধ কৰিবলৈ জনােৱা এখন আবেদনৰ শুনানি গ্রহণ কৰিবলৈ অস্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ে।

সর্বোচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত স্পষ্টভাৱে কয়। যে ধৰ্মৰ পৰিৱর্তনৰ সন্দৰ্ভত আইনে কোনাে নির্দেশনা দিব নােৱাৰে কিয়নাে ১৮ বছৰ বয়সৰ উর্ধ্বৰ বয়সৰ যিকোনাে লােকে নিজৰ ইচ্ছাত ধর্ম নির্বাচন কৰিব পাৰে ।

আবেদনকাৰী অশ্বিনী উপাধ্যায়ে আদালতত কৈছিল যে, দেশত বলপূর্বক ধর্মান্তকৰণ আৰু ইয়াৰ বাবে ক’লা যাদুৰ প্ৰয়ােগত সর্বোচ্চ ন্যায়ালয়ে বাধা আৰােপ কৰা উচিত।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰােহিংটন নৰীমনে এই আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি স্পষ্টভাৱে কয় যে ১৮ বছৰ বয়সৰ উৰ্বৰ যিকোনাে লােকে দেশত নিজৰ ইচ্ছাত ধর্ম নির্বাচন কৰাৰ স্বাধীনতা আছে।

Exit mobile version