আইপিএলৰ প্ৰথম খেলত জয়ী হৈ নজিৰ গঢ়িলে শিখৰ ধৱনে

চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে আইপিএলৰ প্ৰথমখন খেল জয় কৰে শিখৰ ধৱনৰ দলে । এই জয়ৰ জৰিয়তে শিখৰে প্ৰমাণিত কৰে যে, ইংলেণ্ডৰ বিৰুদ্ধে টি-টুৱেণ্টি ছিৰিজত তেওঁক বহাই ৰখাৰ সিদ্ধান্ত ভুল আছিল ।

চিএছকেৰ বিৰুদ্ধে খেলত জয়ী হোৱাৰ পাছত আইপিএলত ধৱনৰ ৰাণ হ’ল পাঁচ হেজাৰ ২৮৩ ৰাণ । প্ৰতিযোগিতাত ৰাণৰ সংখ্যাৰ মানত তৃতীয় স্থানত ধৱন । প্ৰথম স্থানত বিৰাট কোহলি । তেওঁৰ ৰাণ পাঁচ হেজাৰ ৯১১ । দ্বিতীয় স্থানত ৰাইনা । তেওঁৰ ৰাণ পাঁচ হেজাৰ ৪২২ ৰাণ ।

কোহলিক পিছ পেলাই চিএছকেৰ বিৰুদ্ধে আইপিএলত আটাইতকৈ বেছি ৰাণ কৰাৰ নজিৰো গঢ়িলে ধৱনে । এই পৰ্যন্ত মহেন্দ্ৰ সিং ধোনিৰ দলৰ বিৰুদ্ধে আটাইতকৈ বেছি ৰাণ কৰিছিল কোহলি (৯০১) ।

শনিবাৰৰ ইনিংছৰ পাছত ন ৰাণত আগুৱাই যায় ধৱন । ইয়াৰ পাছত প্ৰথম পাঁচৰ তালিকাত আছে ৰোহিত শৰ্মা (৭৪৯), ডেভিড ৱাৰ্ণাৰ (৬১৭), এবি ডিভিলিয়াৰ্ছ (৫৯৩) ।

Exit mobile version