গুগল মেপ চাই অন্য কইনাৰ ঘৰত উপস্থিত হ’ল বৰযাত্রী, তাৰ পাছত…

227018

বর্তমানৰ সময়ত কোনাে অচিনাকি স্থানলৈ ভ্ৰমণ কৰিবলৈ গ’লে গুগল মেপছৰ ওপৰত সকলােৱে ভৰসা কৰে। অৱশ্যে কেতিয়াবা কেতিয়াবা এই গুগল মেপছ ব্যৱহাৰ কৰি বহু লােকে সমস্যাৰাে সন্মুখীন নােহােৱা নহয়। ঠিক এনে এটা ঘটনা অলপতে সংঘটিত হ’ল ইণ্ডোনিছিয়াত।

বিয়া কৰাবলৈ যােৱাৰ সময়ত কইনাৰ বাসগৃহ বিচাৰি বৰযাত্ৰীসকলে সহায় লৈছিল গুগল মেছৰ। কিন্তু সেয়াই কাল হ’ল। কিয়নাে ভুলবশতঃ কইনাৰ বাসগৃহৰ পৰিৱর্তে আন এগৰাকী কইনাৰ বাসগৃহত উপস্থিত হ’ল ব্যাত্ৰীসকল। আনকি কইনা পক্ষ আৰু বৰযাত্ৰীয়ে উপহাৰৰ আদান-প্রদানাে সম্পন্ন কৰিলে।

অৱশ্যে শেষ পর্যন্ত অঘটন সংঘটিত নহ’ল। এক আন্তর্জাতিক সংবাদ মাধ্যমত প্রকাশিত খবৰ অনুসৰি, ইণ্ডোনেছিয়াৰ জাভাৰ এখন গাঁৱত অলপতে একেদিনাই দুগৰাকী যুৱতীৰ বিবাহৰ আয়ােজন কৰা হৈছিল। ইয়াৰে এগৰাকী যুৱতীৰ বিবাহ আৰু আনগৰাকীৰ বাগদান পর্ব আছিল। কিন্তু ব্যাত্ৰীয়ে বিবাহ বাহৰলৈ যােৱাৰ সময়ত পথ আৰু ঘৰ অচিনাকি হােৱা বাবে গুগল মেপছৰ সহায় লৈছিল।

এইদৰে গুগল মেপছৰ নিদের্শনা মানি যাত্রা কৰােতে ভুলক্রমে দৰাঘৰীয়া লােকে প্রকৃত কইনাৰ পৰিৱর্তে গাঁওখনত একেদিনাই বাগদান পর্ব থকা কইনাৰ বাসগৃহত উপস্থিত হৈছিল। আৰম্ভণিতে উভয় পক্ষই পৰস্পৰক আদৰণি জনাই ৰীতি অনুসৰি উপহাৰ আদান-প্রদান কৰে। কিন্তু কিছু সময়ৰ পাছত দৰা ঘৰৰ পক্ষৰ এজন লােকে ভুলটো ধৰা পেলায়। লগে লগে বিষয়টো উভয় পক্ষৰ জ্ঞাত হয়।

শেষ পর্যন্ত ক্ষমা বিচাৰি কইনাৰ ঘৰৰ পৰা বিদায় ল’লে ব্যাত্ৰীয়ে। এই ঘটনাত বৰ্যাত্ৰীয়ে ভুলবশতঃ ঘৰত প্রৱেশ কৰা কইনাগৰাকীয়ে আশ্চর্য প্রকাশ কৰি এক সাক্ষাৎকাৰত কয়, ‘বাগদানৰ বাবে মই তেতিয়া নিজৰ মেকআপ কামত ব্যস্ত আছিলাে। সেই সময়তে বৰযাত্ৰীৰ দলটো আমাৰ ঘৰলৈ আহিছিল। মই তেওঁলােকক দেখা নাপালাে।

কিন্তু আমাৰ পৰিয়ালৰ লােকে তেওঁলােকক আদৰণি জনাইছিল। উপহাৰৰাে আদান-প্রদান হৈছিল। কিন্তু তাৰ পাছতে সকলােৰে ভুল ভাঙিল। তেওঁলােকে কৈছিল যে গুগল মেপছ ব্যৱহাৰ কৰাৰ ফলতে এই ভুল সংঘটিত হ’ল। উলফা নামৰ যুৱতীগৰাকীয়ে লগতে কয় যে তেওঁৰ পৰিয়ালৰ লােকে উক্ত বৰযাত্ৰীৰ পৰিয়ালটোক তেওঁলােকৰ কইনাৰ বাসগৃহলৈ লৈ গৈছিল।

Exit mobile version