মাটি খান্দোতেই তেলেংগানাত ওলাল সােণ-ৰূপৰ অলংকাৰৰ ভাণ্ডাৰ

treasure found jangaon

যেন এক সাধুকথাৰ কাহিনী! তেলেংগানাৰ এজন ভূমি ব্যৱসায়ীয়ে নিজৰে ভূমিত অলপতে খনন কার্য চলাইছিল। কিন্তু মাটি খান্দোতে ভূমিৰ তলৰ পৰা ওলাই আহিল অজস্ৰ সােণ-ৰূপৰ গহনা। ৰাজ্যখনৰ জানগাঁ জিলাৰ পেমভাৰতী গাঁৱত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হ’ল। নৰসিংহ নামৰ জনৈক ভূমি ব্যৱসায়ীজন হায়দৰাবাদৰ বাসিন্দা।

পেমভাৰতীত তেওঁৰ প্রায় ১১ একৰৰ ভূমি আছে। এই ভূমিতে বাসগৃহ নির্মাণৰ বাবে নৰসিংহই যাে-জা চলাইছিল। কিন্তু বাসগৃহ নির্মাণৰ বাবে ভূমি খন্দাৰ সময়ত হঠাতে মাটিৰ তলত সন্ধান লাভ কৰিলে তামৰ পাত্ৰত ভৰাই ৰখা অলংকাৰৰ এক বিশাল ভাণ্ডাৰ। প্রকাশিত বাতৰি অনুসৰি মাটিৰ পৰা প্রায় দুই ফুট গভীৰৰ তামৰ পাত্ৰটো ৰখা আছিল। তামৰ এই পাত্ৰত আছিল ১৮৯.৮২০ গ্রামৰ সােণ আৰু ১.৭২৭ গ্রামৰ ৰূপৰ আ-অলংকাৰ।

এই তামৰ পাত্ৰত মুঠ ২২ডাল সােণৰ ভুল, ৫১ডাল সােণৰ মালা, ১১ডাল সােণৰ মংগলসূত্র, ২৬ডাল ৰূপৰ লাঠি আৰু পাঁচডাল ৰূপৰ হাৰ আছিল। মাটি খন্দাৰ সময়ত এইদৰে মূল্যবান সােণ-ৰূপৰ অলংকাৰ উদ্ধাৰ হােৱাত নৰসিংহই স্থানীয় প্রশাসনৰ স’তে যােগাযােগ কৰে। সম্প্রতি এই সামগ্ৰীসমূহ স্থানীয় জিলা কালেক্টৰৰ কাৰ্যালয়ত জমা আছে। জানগাঁৰ চৰকাৰী প্রিজাইডিং অফিচাৰ ৰাজেন্দ্র প্রসাদে সংবাদ মাধ্যমৰ আগত এই ঘটনাৰ সন্দৰ্ভত এইদৰে কয়, ‘ঘটনাৰ কথা জনাৰ পাছত আমি ঘটনাস্থলীলৈ গৈ গহনাখিনি উদ্ধাৰ কৰি কালেক্টৰৰ কার্যালয়লৈ প্ৰেৰণ কৰিছিলাে।

পৰৱর্তী নির্দেশ নিদিয়ালৈকে উক্ত ভূমিত কোনাে খনন কার্য চলােৱাৰ পৰা বিৰত থাকিবলৈ ভূমিৰ গৰাকীক ইতিমধ্যে নির্দেশ দিয়া হৈছে। বিষয়াজনে লগতে প্ৰকাশ কৰা মতে, উদ্ধাৰ কৰা গহনাখিনি যথেষ্ট পুৰণি আৰু সম্ভৱতঃ প্রাচীন কাকতীয় ৰাজবংশৰ সমকালীন হ’ব পাৰে। উক্ত ভূমিত পুনৰ প্রত্নতাত্ত্বিক খনন চলােৱাৰ প্রয়ােজন হ’ব পাৰে বুলিও প্রসাদে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

নিজৰ ভূমিত এইদৰে মূল্যবান স্বর্ণ আৰু ৰূপৰ গহনাৰ ভাণ্ডাৰ উদ্ধাৰ হােৱাৰ পাছতাে সেয়া গােপনে নাৰাখি নৰসিংহই প্রশাসনক অর্পণ কৰা ঘটনাক সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে প্রশংসা কৰিছে।

Exit mobile version