প্ৰতিনিশাই কোকৰাঝাৰৰ পৰা ধুবুৰীৰ মাজেৰে বাংলাদেশ লৈ সৰবৰাহ কৰা হয় গোধন ।
ADVERTISEMENT
কোকৰাঝাৰ হৈ ধুবুৰীৰ বিভিন্ন চৰ অঞ্চলত প্ৰৱেশ কৰা হয় বহিঃ ৰাজ্যৰ গৰু। ধুবুৰী চৰ অঞ্চলৰ পৰা নাওযোগে বাংলাদেশলৈ সৰবৰাহ হয় চোৰাং গৰু ।
নিশা গৌৰীপুৰ আৰক্ষীৰ অভিযানত জব্দ ১২ টাকৈ বহিঃ ৰাজ্যৰ গৰু।
কোকৰাঝাৰৰ পৰা ধুবুৰীত প্ৰৱেশ কৰাৰ খবৰ পাই গৌৰীপুৰ আৰক্ষীয়ে চলাইছিল অভিযান। অভিযানত গৰুবোৰ জব্দ কৰে যদিও এন্ধাৰৰ সুযোগ লৈ পলাই যায় গো সৰ্বৰাহকাৰী।
কোকৰাঝাৰৰ ছাঁটাগুৰি হৈ ধুবুৰীত প্ৰৱেশ কৰিছিল গো সৰ্বৰাহকাৰী ।