পুনৰ বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ

উচ্চতম ন্যায়ালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে দেহত পোৱা গৈছে ক'ভিডৰ উপস্থিতি

136934 miledugenw 1616056721 1

ভাৰতৰ ক’ভিড-১৯ সংকটে উচ্চতম ন্যায়ালয়ক বৃহৎ প্ৰকাৰে আঘাত কৰিছে । ন্যায়ালয়ৰ ৫০ শতাংশ কৰ্মচাৰী ক’ভিড পজিটিভ ।

উল্লেখযোগ্য যে, আগন্তুক শুনানিসমূহ ঘৰৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত কৰা হ’ব । ন্যায়ালয় কক্ষকে ধৰি সমগ্ৰ ন্যায়ালয়কে এতিয়া ছেনিটাইজ কৰা হৈছে। বিভিন্ন ন্যায়াধীশসকল আজি তেওঁলোকৰ নিৰ্ধাৰিত সময়তকৈ এঘণ্টা পাছত বহিব । ন্যায়ালয়ৰ সূত্ৰই জনোৱা অনুসৰি, কেৱল শনিবাৰে ৪৪জন কৰ্মচাৰী ক’ভিড পজিটিভ হয় ।

এজন ন্যায়াধীশে কয়, “মোৰ অধিকসংখ্যক কৰ্মচাৰী আৰু আইন কেৰাণীয়ে কৰ’নাত আক্ৰান্ত হৈছে ।” কিছুসংখ্যক অধিবক্তাই পূৰ্বে ক’ভিড পজিটিভ হৈছিল যদিও পৰৱৰ্তী সময়ত কৰ’নামুক্ত হয় ।

ভাৰতে সম্প্ৰতি মহামাৰীৰ এক ভয়ংকৰ ঢৌৰ সন্মুখীন হৈছে আৰু বিগত সপ্তাহত নতুনকৈ প্ৰায় ১০ লাখ লোক ক’ভিড-১৯ত সংক্ৰমিত হৈছে । আজি একেৰাহে ষষ্ঠ দিন দেশত ১,৬৮,৯১২ জন লোক কৰ’নাত আক্ৰান্ত হৈছে, যি হাৰ এই পৰ্যন্ত দৈনিক সংক্ৰমিতৰ সৰ্বাধিক ।

আজি পুৱা প্ৰকাশিত স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ক’ভিড সম্পৰ্কীয় সমস্যাত ৯০৪ জন লোকে প্ৰাণ হেৰুৱাইছে ।

Exit mobile version